IPLত ৰাজকীয় প্ৰদৰ্শন কৰা ৰিয়ানক লৈ গৌৰৱান্বিত অভিভাৱক, টীম ইণ্ডিয়াত ১৭ বছৰীয়া অলৰাউণ্ডাৰগৰাকীৰ নিৰ্বাচিত হোৱাৰ আশা অসমবাসীৰ

পুত্ৰ ৰিয়ান পৰাগৰ সাফল্যত গৌৰৱ অনুভৱ কৰিছে ক্ৰিকেটাৰ পিতৃ পৰাগ দাসে।

news18assam
Updated:April 26, 2019, 2:38 PM IST
IPLত ৰাজকীয় প্ৰদৰ্শন কৰা ৰিয়ানক লৈ গৌৰৱান্বিত অভিভাৱক, টীম ইণ্ডিয়াত ১৭ বছৰীয়া অলৰাউণ্ডাৰগৰাকীৰ নিৰ্বাচিত হোৱাৰ আশা অসমবাসীৰ
ফটোঃইণ্টাৰনেট
news18assam
Updated: April 26, 2019, 2:38 PM IST
আই পি এলত চমক দেখুৱাইছে অসমৰ ৰিয়ান পৰাগে। বৃহস্পতিবাৰে ৰিয়ানৰ ৰাজকীয় প্ৰদৰ্শনৰ বাবেই কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে জয়ী হয় ৰাজস্থান ৰয়েলছ। ৩১টা বলত ৪৭ৰাণ সংগ্ৰহ কৰি দুৰ্দান্ত ইনিংছ উপহাৰ দিয়া ৰিয়ানে লাভ কৰিছে গেম চেঞ্জাৰৰ বঁটা। ইতিমধ্যে দেশৰ ক্ৰিকেটপ্ৰেমীৰ লগতে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছে ১৭বছৰীয়া ৰিয়ানে। উৎফুল্লিত অসমবাসীৰো আশা ৰিয়ানে শীঘ্ৰেই লাভ কৰিব টীম ইন্ডিয়াত স্থান।

ভাগ্যৰ ফেৰ! কেনেকৈ আনলাকী আউট হ’ল ৰিয়ান:

অসমৰ অলৰাউণ্ডাৰগৰাকীক লৈ গৌৰৱান্বিত ৰাজ্যবাসী।  বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পেচাদাৰী লীগ IPLত উজলি উঠিছে অসমৰ উজ্বল নক্ষত্ৰ ৰিয়ান পৰাগ।  খেলুৱৈ জীৱনৰ প্ৰথমখন আই পি এলতে সুযোগৰ সদ্বব্যৱহাৰ কৰিলে অসমৰ তাৰকাগৰাকীয়ে। মুম্বাই ইন্ডিয়ানছৰ পিছত কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধেও ’মেছ উইনিং’ প্ৰদৰ্শন ৰিয়ানৰ।  মাত্ৰ ৩১ টা বলতে দলৰ হৈ সৰ্বাধিক ৪৭ ৰান সংগ্ৰহ কৰা ৰিয়ানৰ ইনিংছত আছিল দুটা অভাৰ বাউণ্ডেৰী আৰু পাঁচটা বাউণ্ডেৰী। এই খেলৰ বাবে বৃহস্পতিবাৰে তেওঁ লাভ কৰে Game changer of the match বঁটা। পুত্ৰৰ এই সাফল্যত গৌৰৱ অনুভৱ কৰিছে ক্ৰিকেটাৰ পিতৃ পৰাগ দাসে।


আৰু কষ্ট কৰিব লাগিব ৰিয়ান পৰাগে, ছিনিয়ৰ দলত স্থান পাবলৈ চেষ্টা অব্যাহত ৰাখিব লাগিব।

মুম্বাই ইন্ডিয়ানছৰ বিৰুদ্ধেও মাত্ৰ ২৯ টা বলতে ৪৩ ৰান কৰিছিৰ ৰিয়ানে। সেই খেলৰ বাবে তেওঁ লাভ কৰিছিল ’ষ্টাইলিছ প্লেয়াৰ’ৰ বঁটা। ক্ৰিকেটাৰ পৰাগ দাস আৰু সন্তৰণবিদ মিঠু বৰুৱাৰ সন্তান ৰিয়ান পৰাগ এতিয়া অসমৰ আটাইতকৈ উজ্বল নক্ষত্ৰ। তেওঁলৈ শুভেচ্ছা।
আৰু চাওক পৰৱৰ্তী বাতৰি