১ ডিচেম্বৰৰ পৰা বাধ্যতামূলক হ’ব গাড়ীৰ FASTag, অন্যথা ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব গাড়ী!

News18-Assam
Updated:November 21, 2019, 7:15 PM IST
১ ডিচেম্বৰৰ পৰা বাধ্যতামূলক হ’ব গাড়ীৰ FASTag, অন্যথা ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব গাড়ী!

  • Share this:
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে  ‘FASTag’ প্ৰ’গ্ৰেম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। অহা ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব ‘Fastag’ প্ৰ’গ্ৰেম। এই নতুন প্ৰ’গ্ৰেম অনুসৰি  যদি গাড়ীত  ‘FASTag’ নাথাকে তেন্তে ৰাষ্ট্ৰীয় ঘাইপথৰ ট’লগেটত নিৰ্ধাৰিত মাছূলৰ দুগুণ ভৰিব লাগিব গাড়ীৰ মালিকে।

ডিচেম্বৰৰ ১ তাৰিখৰ পৰা সমগ্ৰ দেশৰ  ট’লগেট থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহক  "FASTag lanes" হিচাপে গণ্য কৰা হ’ব।  সেইদৰে ট’লগেটত দিবলগীয়া মাছূল দিব লাগিব গাড়ীত লগাব লগিয়া ‘Fastag’ ডিভাইচৰ QR Code ৰ জৰিয়তে।

আপুনি ক’ৰ পৰা সংগ্ৰহ কৰিব FASTag?

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ মেনেজমেণ্ট কম্পানী লিমিটেড আৰু বহু কেইটা বেংকে দেশৰ সৰ্বমুঠ ২৮,৫০০ টা স্থানৰ পৰা Fastag ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিছে। তাৰ ভিতৰত আছে,  NH Fee Plazas, RTOs, Common Service Centers, Transport Hubs, বেংকৰ শাখা, নিৰ্ধাৰিত পেট্ৰ’ল পাম্প। গ্ৰাহকে অনলাইন শ্বপিং চাইট Amazon ৰ পৰাও ক্ৰয় কৰিব পাৰিব FASTag ।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি