গাড়ীখনৰ বাবে কেনেকৈ সংগ্ৰহ কৰিব Fastag কাৰ্ড? এই প্ৰতিবেদন চাওক, বিপদৰ পৰা বাচক

News18-Assam
Updated:November 22, 2019, 1:47 PM IST
গাড়ীখনৰ বাবে কেনেকৈ সংগ্ৰহ কৰিব Fastag কাৰ্ড? এই প্ৰতিবেদন চাওক, বিপদৰ পৰা বাচক
অসমত যদিও টলগেট নাই তথাপিও কিয় প্ৰয়োজন হ’ব Fastag কাৰ্ড

অসমত যদিও টলগেট নাই তথাপিও কিয় প্ৰয়োজন হ’ব Fastag কাৰ্ড

  • Share this:
১ ডিচেম্বৰৰ পৰা বাধ্যতামূলক হ’ব গাড়ীৰ FASTag। অন্যথা ৰাষ্ট্ৰীয় ঘাইপথত থকা ট’লগেটত দুগুণ মাছূল ভৰিব লাগিব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে  ‘FASTag’ প্ৰ’গ্ৰেম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। যদিও অসমত ট’লগেট নাই, তথাপিও মেঘালয়, বৰ্ণিহাটলৈ গ’লে আপোনাৰ গাড়ীখনত প্ৰয়োজন হ’ব Fastag কাৰ্ড। অন্যথা ভৰিব লাগিব জৰিমনা।

উল্লেখযোগ্য যে, ডিচেম্বৰৰ ১ তাৰিখৰ পৰা সমগ্ৰ দেশৰ  ট’লগেট থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহক  "FASTag lanes" হিচাপে গণ্য কৰা হ’ব।  সেইদৰে ট’লগেটত দিবলগীয়া মাছূল দিব লাগিব গাড়ীত লগাব লগিয়া ‘Fastag’ ডিভাইচৰ QR Code ৰ জৰিয়তে।

আপুনি ক’ৰ পৰা সংগ্ৰহ কৰিব FASTag?


ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ মেনেজমেণ্ট কম্পানী লিমিটেড আৰু বহু কেইটা বেংকে দেশৰ সৰ্বমুঠ ২৮,৫০০ টা স্থানৰ পৰা Fastag ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিছে। তাৰ ভিতৰত আছে,  NH Fee Plazas, RTOs, Common Service Centers, Transport Hubs, বেংকৰ শাখা, নিৰ্ধাৰিত পেট্ৰ’ল পাম্প। গ্ৰাহকে অনলাইন শ্বপিং চাইট Amazon ৰ পৰাও ক্ৰয় কৰিব পাৰিব FASTag।

Fastag কাৰ্ডখন কেনেকৈ কৰিব কাৰ্যক্ষম

Fastahg কাৰ্ড এক্টিভ কৰিবলৈ Application form ৰ লগতে  KYC ডকোমেণ্ট আৰু  গাড়ীৰ ৰেজিষ্ট্ৰেচন কাৰ্ড Fastag apply কৰা বেংকত জমা দিব লাগিব।

কিদৰে ৰিচাৰ্জ কৰিব Fastag কাৰ্ড

যদি ইতিমধ্যে বেংক একাউণ্টৰ সৈতে Fastag কাৰ্ড লিংক কৰিছে, তেন্তে  পৃথকৈ Prepaid Wallet ত টকা জমা কৰাৰ প্ৰয়োজন নাই।  মাত্ৰ লিংক কৰা বেংক একাউণ্টত পৰ্যাপ্ত বেলেঞ্চ আছে নে নাই সেই কথা মনত ৰাখিলেই হ’ল। যদি fastag কাৰ্ড প্ৰী–পেইড ৱালেট(NHAI Prepaid Wallet) ৰ সৈতে লিংক কৰা হৈছে তেন্তে আপুনি UPI/Debit card/Credit Card/NEFT/Net banking আদিৰ জৰিয়তে ৰিচাৰ্জ কৰিব পাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি