আজি মাজনিশাৰ পৰা বাধ্যতামূলক হ'ব FASTag, কোনে কোনে পাব ৰেহাই?

যিসকলে নিজৰ বাহনত বৰ্তমানেও লগোৱা নাই FASTag, তেন্তে সাৱধান হওক। ৰাষ্ট্ৰীয় ঘাইপথত ভৰিবলগীয়া হ'ব পাৰে দুগুণ টকা।
যিসকলে নিজৰ বাহনত বৰ্তমানেও লগোৱা নাই FASTag, তেন্তে সাৱধান হওক। ৰাষ্ট্ৰীয় ঘাইপথত ভৰিবলগীয়া হ'ব পাৰে দুগুণ টকা।
- News18 Assam
- Last Updated: February 15, 2021, 12:39 PM IST
যদি আপোনাৰ বাহনত বৰ্তমানেও লগোৱা নাই FASTag, তেন্তে সাৱধান হওক। ৰাষ্ট্ৰীয় ঘাইপথত টোলগে’টত ভৰিব লাগিব পাৰে দুগুণ মাচুল। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে এই কথা।
লগতে বিবৃতিত কোৱা হৈছে, "ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাৰ সকলো লেনক ১৫ ফেব্ৰুৱাৰীৰ মাজনিশা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী ২০২১ৰ পৰা 'ফি প্লাজাৰ ফাষ্টটেগ লেন' হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।"
কিন্তু এই FASTag কি আৰু কিমান দিনৰ বাবে এয়া প্ৰযোজ্য হৈ থাকিব?
FASTag হৈছে এটা ষ্টিকাৰ যি ভিতৰৰ পৰা আপোনাৰ গাড়ীৰ সন্মুখৰ গ্লাচত লগাই দিয়া হ'ব। য'ত ৰেডিঅ'-ফ্ৰিকুৱেন্সি চিনাক্তকৰণ (আৰএফআইডি) বাৰকোড থাকিব যি আপোনাৰ বাহনৰ পঞ্জীয়ন সম্পৰ্কীয় সকলো বিৱৰণৰ সৈতে সংযুক্ত হৈ থাকিব। এই ষ্টিকাৰ জাৰি কৰাৰ তাৰিখৰ পৰা পাঁচ বছৰৰ বাবে কাম কৰিব।
FASTag–এ কেনেকৈ কাম কৰে?
FASTag ক্ৰয়ৰ বাবে আপোনাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব?
FASTag ক্ৰয় কৰিবলৈ, এজন আৱেদনকাৰীয়ে বাধ্যতামূলক কে ৱাই চি প্ৰক্ৰিয়াৰ বাবে বাহন পঞ্জীয়নৰ নথি–পত্ৰ আৰু ব্যক্তিগত পৰিচয় প্ৰদান কৰিব লাগিব। আনহাতে, যদিহে আপুনি আপোনাৰ একাউণ্ট থকা বেংকত ইয়াৰ বাবে আবেদন কৰে তেন্তে আপোনাক কেৱল বাহনৰ পঞ্জীয়নৰ সবিশেষ প্ৰয়োজন হ'ব। যদি আপুনি এয়াৰটেল আৰু পেটিএমৰ দৰে আন উপায়ৰ জৰিয়তে আবেদন কৰে, তেতিয়া আপুনি এটা ব্যক্তিগত পৰিচয় পত্ৰ দিয়াৰ প্ৰয়োজন নাই আৰু গাড়ীৰ পঞ্জীয়নৰ সবিশেষ দিলেই হ'ব।
FASTagৰ সুবিধাবোৰ কি কি ?
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মতে, এই FASTag ঘনাই যাতায়াত কৰা লোকসকলৰ বাবে অতি উপযোগী কিয়নো তেওঁলোকে নগদ পৰিশোধৰ বাবে টোল প্লাজাত ৰ'ব নালাগে। যিয়ে আপোনাৰ সময় আৰু ইন্ধন সংৰক্ষণ কৰিব।
FASTag ক'ত লাভ কৰিব আপুনি?
ইতিমধ্যে চৰকাৰে FASTag ঘৰতে প্ৰদান কৰিবলৈ ভিন্ন বেংক আৰু ই-কমাৰ্চ চেনেলকে ধৰি কেইবাটাও সংস্থাৰ সৈতে অংশীদাৰ হৈছে। বৰ্তমানে FASTag প্ৰদান কৰা বেংকবোৰৰ ভিতৰত আছে এইচ ডি এফ চি বেংক, আই চি আই চি আই বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, কোটাক বেংক, এক্সিছ বেংক, বেংক অফ বৰোদা। শেহতীয়াকৈ, আই চি আই চি আই বেংক আৰু গুগ'লে এটা সহযোগিতা ঘোষণা কৰে, যিয়ে আবেদনকাৰীসকলক গু'গল পেৰ জৰিয়তে ফাষ্টটেগ মাচুল প্ৰদান কৰাত সহায় কৰিব। ইপিনে আমাজন, পেটিএম বা এয়াৰটেল পেমেণ্ট এপতো ধন পৰিশোধৰ আন কিছুমান বিকল্প আছে। পৰম্পৰাগত পদ্ধতি যেনে সমগ্ৰ ভাৰতত কিছুমান টোল প্লাজাতো ইয়াৰ ক্ৰয়ৰ সুবিধা আছে।
কেনেদৰে জমাধন পৰীক্ষা কৰিব আৰু FASTag ৰিচাৰ্জ কৰিব?
জাৰি কৰা বেংকসমূহৰ ই-কমাৰ্চ সহযোগীসমূহে আবেদনকাৰীসকলৰ বাবে FASTag ৱালেট সৃষ্টি কৰিব। তাৰ পিছতে সেই ৱালেটত ধন জমা কৰিব লাগিব। উদাহৰণ স্বৰূপে, যদি এজন ব্যক্তিয়ে বেংকৰ জৰিয়তে FASTag ক্ৰয় কৰিছে, তেন্তে তেওঁৰ একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন কাটি নিয়া হ'ব আৰু ইয়াৰ বাবে আবেদনকাৰীগৰাকীয়ে বেংক বেলেন্স বজাই ৰাখিব লাগিব।
ম'বাইল পৰিশোধ বেংকৰ ক্ষেত্ৰত, সেৱাবোৰে আপোনাক ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইউপিআই আৰু অন্যান্য পৰিশোধ বিকল্প ব্যৱহাৰ কৰি FASTag ৰিচাৰ্জৰ সুবিধা প্ৰদান কৰিব। যদি আপুনি এয়াৰটেলৰ জৰিয়তে ক্ৰয় কৰি আছে তেন্তে সেয়াও একে। আপুনি এয়াৰটেল পে'মেন্ট মাধ্যমেৰে আপোনাৰ FASTag ৰিচাৰ্জ কৰিব পাৰিব।
FASTag ৰ এই নিয়মৰ পৰা কোনে কোনে ৰেহাই পাব?
টোল পৰিশোধৰ পৰা ৰেহাই দিয়া লোকসকলক এই FASTag ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। তেওঁলোকৰ ভিতৰত আছে ন্যায়াধীশ, আইন প্ৰণেতা, মন্ত্ৰী, শীৰ্ষ আমোলা, শীৰ্ষ সামৰিক বিষয়া আৰু জৰুৰীকালীন সেৱা কৰ্মীসকল।