নৰেন্দ্ৰ মোদী–২.০: প্ৰথম ১০০ দিনৰ ‘এক্সন প্লেন’ত অন্তভূক্ত হ’ব কৃষিৰ লগত জড়িত বহুকেইখন আঁচনি!

সকলো কৃষকলৈ সন্মান নিধি, জ্যেষ্ঠ কৃষকলৈ পেঞ্চন, ঋণমুক্ত কিষান ক্ৰেডিট লোন আৰু জৈৱিক কৃষি প্ৰণালীৰ উত্‍কৰ্ষ সাধনৰ বাবে আৰম্ভ কৰিব পাৰে নতুন আঁচনি।

news18assam
Updated:May 30, 2019, 2:25 PM IST
নৰেন্দ্ৰ মোদী–২.০: প্ৰথম ১০০ দিনৰ ‘এক্সন প্লেন’ত অন্তভূক্ত হ’ব কৃষিৰ লগত জড়িত বহুকেইখন আঁচনি!
সকলো কৃষকলৈ সন্মান নিধি, জ্যেষ্ঠ কৃষকলৈ পেঞ্চন, ঋণমুক্ত কিষান ক্ৰেডিট লোন আৰু জৈৱিক কৃষি প্ৰণালীৰ উত্‍কৰ্ষ সাধনৰ বাবে আৰম্ভ কৰিব পাৰে নতুন আঁচনি।
news18assam
Updated: May 30, 2019, 2:25 PM IST
বৃহস্পতিবাৰে নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। সেইদৰে মোদী চৰকাৰে প্ৰস্তুত কৰিছে প্ৰশম ১০০ দিনৰ ‘এক্সন প্লেন’৸। এই ‘এক্সন প্লেন’ত অন্তভূক্ত হ’৸ব পাৰে কৃষিৰ লগত জড়িত ভালে কেইখন নতুন আঁচনি। চৰকাৰৰ কৃষিৰ লগত লগত জড়িত পুৰণি আঁচনি সমূহক অধিক গতিশীলতা প্ৰদান কৰাৰ লগতে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ বাবে এই ১০০ দিনত কিছু পৰিমাণে হলেও চেষ্টা কৰা পৰিলক্ষিত হ’৸ব পাৰে। চৰকাৰে প্ৰথম ১০০ দিনৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেইয়া যদি কাৰ্যত ৰূপায়ন কৰিব পৰা যায় তেন্তে জনসাধাৰণ যে বহুখিনি লাভান্বিত হ’৸ব সেয়া নিশ্চিত।



চৰকাৰে ২০২২ চনত কৃষকসকলৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিষয়টোক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে, গতিকে চৰকাৰে সৰু সৰু প্ৰচেষ্টাৰে কৃষকৰ আয় বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। ভাৰতবৰ্ষত প্ৰায় ১৪ কোটি কৃষকৰ পৰিয়াল আছে,যত মুঠ সদস্যৰ সংখ্যা প্ৰায় ৫০ কোটিৰ ওপৰৰ হ’৸ব। এই বৃহৎ লোকসকলৰ বাবে কৃষক সন্মান নিধি আঁচনি চৰকাৰে বিস্তাৰিত ৰূপত আগবঢ়াই নিবলৈ চেষ্টা কৰিব। এই আঁচনিয়ে এতিয়া লৈকে ১২ কোটি কৃষক পৰিয়ালক সামৰি লৈছে। এই আঁচনিৰ জৰিয়তে ৬০০০ টকা তিনিটা কিস্তিত কৃষকৰ পৰিয়ালক প্ৰদান কৰা হয়। ইতিমধ্যে ৪.৭৬ কোটি কৃষকে এই আঁচনিৰ বাবে ৰেজিষ্ট্ৰেচন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি