মহম্মদ ছামীক ছেমি ফাইনেলত কিয় সুযোগ নিদিলে? ক্ষুব্ধ অনুৰাগীৰ প্ৰশ্ন

নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমি ফাইনেলত মহম্মদ ছামীয়ে নাপালে ভাৰতীয় দলত স্থান।

News18-India
Updated:July 9, 2019, 5:29 PM IST
মহম্মদ ছামীক ছেমি ফাইনেলত কিয় সুযোগ নিদিলে? ক্ষুব্ধ অনুৰাগীৰ প্ৰশ্ন
নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমি ফাইনেলত মহম্মদ ছামীয়ে নাপালে ভাৰতীয় দলত স্থান।
News18-India
Updated: July 9, 2019, 5:29 PM IST
আইচিচি ক্ৰিকেট বিশ্বকাপত নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত নিউজীলেণ্ডে টছ জিকি প্ৰথম বেটিং কৰি আছে। মানচেষ্টাৰৰ অল্ড ট্ৰাফৰ্ডত অনুষ্ঠিত এইখন খেলৰ টছৰ সময়ত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে, এটাই সালসলনি কৰা হৈছে কুলদীপ যাদৱৰ সলনি য়ুজৱেন্দ্ৰ চহলক দলত স্থান দিয়া হৈছে। অৰ্থাৎ দলত মহম্মদ ছামীক দলত স্থান দিয়া নহ’ল। ছচিয়েল মিডিয়াত অনুৰাগীসকলে এই প্ৰসংগত প্ৰশ্ন কৰে যে টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰাৰ পিছতো মহম্মদ ছামীক কিয় বাদ দিয়া হ’ল? ছেমি ফাইনেলত মহম্মদ ছামীৰ অনুপস্থিতিয়ে একাংশ অনুৰাগীক ভালকৈয়ে ক্ষুব্ধ কৰি তোলে। অনুৰাগীসকলে টুইটাৰত টীম নিৰ্বাচনক লৈ প্ৰশ্ন কৰে যে কি ভিত্তিত মহম্মদ ছামীক ছেমি ফাইনেল খেলিবলৈ দিয়া নহ’ল? 

ছামীয়ে টুৰ্ণামেণ্টত চাৰিখন মেচ খেলিছে আৰু ১৯৩ৰাণৰ বিনিময়ত তেওঁ ১৪টা উইকেট দখল কৰিছে। ইয়াৰ লগতে এই বিশ্বকাপত হেট্ৰিক লাভ কৰা তেওঁ প্ৰথমজন ব’লাৰ। আফগানিস্তানৰ বিৰুদ্ধে খেলত তেওঁ অন্তিম অভাৰত হেট্ৰিক লাভ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি