অত্যন্ত পৰিচিত ফটো! এনে ফটো ট্ৰেইন বা বাছত প্ৰায়েই দেখিছে। কিন্তু সেইবুলি এনেধৰণৰ ফটো যে ভাৰত-নিউজিলেণ্ড টেষ্ট ছিৰিজৰ প্ৰথম মেচত দেখা যাব, কোনে জানে!
এগৰাকী ব্যক্তিয়ে মুখত গুটখা ভৰাই ফোনত কথা পাতিছিলে। কাষতে বহি আছিল এগৰাকী মহিলা। কানপুৰৰ গেলাৰীত এনে ফটো দেখি বহুতেই হাঁহিছে। কোনোৱে এই বিষয়টোক চিৰিয়াচলি লৈছে। প্ৰশ্ন উঠিছে- ষ্টেডিয়ামত বহি গুটখা খোৱা একেবাৰে অনৈতিক কাৰ্য। কেনেকৈ ষ্টেডিয়ামৰ ভিতৰলৈ গুটখা অনাৰ সুবিধা পালে লোকজনে?
কানপুৰত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত প্ৰথম দিনাই ভাৰতীয় দল চালকৰ আসনত। চাৰি উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰিছে ভাৰতে। অভিষেক টেষ্টত ৭৫ ৰানৰ অপৰাজিত শ্ৰেয়স আয়াৰ। গুভমন গীল আৰু ৰবীন্দ্ৰ জাদেজাই কোবাইছে অৰ্ধশতক।
মেচৰ ৩০ অভাৰত গেলাৰীৰ ফালে কেমেৰা ঘূৰাওতে চকুত পৰে সেইজন লোক। মুখত গুটখা। ফুলি আছিল গাল। আৰু ওচৰতে বহা এগৰাকী মহিলাই চাই আছিল লোকজনৰ ফালে।
তাৰ পিছৰে পৰা মেচতকৈ সেইলোকজনক লৈহে চৰ্চা চলিছে। বহুতে কৈছে- এনে দৃশ্য কেৱল কানপুৰতহে দেখিবলৈ পোৱা যায়। প্ৰাক্তন ক্ৰিকেটাৰ ৱাচিম জাফৰেও শ্বেয়াৰ কৰিছে ফটোখন।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 25, 2021, 19:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।