স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত থাকিব লাগিব বুজাবুজি। এয়া অতি গুৰুত্বপূৰ্ণ বিষয়। বুজাপৰাই সম্পৰ্কক অধিক মজবুত কৰি তোলে। এগৰাকী জনপ্ৰিয় মডেলে নিজৰ স্বামীৰ সুখৰ বাবে যি কৰিলে সেয়া কোনো লোকে ভাবিবই নোৱাৰে! তেওঁৰ স্বামী যাতে সুখত থাকে, তাৰ বাবে অন্য কাৰোবাক ভাল পাবলৈ অনুমতি দিছে। ডেইলী ষ্টাৰৰ এটা ৰিপৰ্ট অনুসৰি, সেই মডেলগৰাকীৰ নাম মণিকা হুল্ড। বৰ্তমান নিজৰ আত্মীয়ৰ সৈতে আমেৰিকাত থাকে।
মণিকাই তেওঁৰ স্বামী অত্যন্ত সুখত থকাতো বিচাৰে। ৩৭ বছৰীয়া এই মডেলগৰাকীয়ে ভেলেণ্টাইন দ্যেৰ দিনা স্বামীৰ সৈতে অত্যন্ত আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছে। লগতে তেওঁ আন মহিলাকৰো পৰামৰ্শ দিছে যে, স্বামীৰ সুখৰ বাবে সকলো ক্ষেত্ৰতে খেয়াল ৰাখিবলৈ। মণিকাই অনুভৱ কৰে যে, সংগীৰ সৈতে কেনেদৰে সুখী হয় তাৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিব লাগে ৷ মডেলগৰাকীৰ ইনষ্টাগ্ৰামত প্ৰায় ২.৪ নিযুত ফলোৱাৰ্ছ আছে ৷ তেওঁ লগতে কয় যে, একাংশ মহিলাই নিজৰ স্বামীৰ প্ৰতি কোনো মনোযোগেই নিদিয়ে ৷ মণিকাই অনুভৱ কৰে যে, যদি এগৰাকী মহিলাই তেওঁৰ স্বামীৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেন্তে তেওঁৰ স্বামীৰো পত্নীৰ প্ৰতি মনোযোগ নাইকীয়া হৈ গৈ থাকে।
মণিকাই অনুভৱ কৰে যে, যদি তেওঁৰ স্বামীয়ে অন্য কোনো মহিলাৰ সৈতে নিশা কটাব বিচাৰে, তেন্তে পত্নীয়ে কোনো বাধা দিব নালাগে৷ মণিকাই সকলোকে এই সন্দৰ্ভত মুকলি সিদ্ধান্ত ল'বলৈ কৈছে৷