Baba Ka Dhaba : লকডাউনে দিলে, লকডাউনে নিলে! ভাগ্যৰ কি পৰিহাস! চকচকীয়া ৰেস্তোৰাঁ এৰি পুনৰ পুৰণি গুমটিলৈ উভটিল কান্তা। 

News18 Assam | News18-Assam
Updated:June 9, 2021, 9:06 PM IST
Baba Ka Dhaba : লকডাউনে দিলে, লকডাউনে নিলে! ভাগ্যৰ কি পৰিহাস! চকচকীয়া ৰেস্তোৰাঁ এৰি পুনৰ পুৰণি গুমটিলৈ উভটিল কান্তা। 
file image

দিল্লীত কোৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে কান্তাৰো পতন আৰম্ভ হয়। দৈনিক তিনি-চাৰি হাজাৰ টকাৰ বিক্ৰী কৰা কান্তাৰ ৰেস্তোৰাঁৰ বিক্ৰী এক হাজাৰৰ তললৈ নামি আহিল।

  • Share this:
ভাগ্য দেৱী কেতিয়া কাৰ প্ৰতি সুপ্ৰসন্ন হয় সেয়া জানো কোনোবাই ক'ব পাৰে! নহ'লেনো মাত্ৰ দুমাহতে পথৰ ভিক্ষাৰীৰ দৰে জীৱন যাপন কৰা লোক লাখপতি হ'ব পাৰেনে? ভাগ্য দেৱীৰ কৃপাতেই এনদৰে হঠাৎ লাখপতি হৈছিল কান্তা। অভাৱ-অনাটন আৰু দুখ-যন্ত্ৰণাৰে জৰ্জৰিত ৮০ বছৰীয়া কান্তাৰ জীৱনলৈ ঘূৰি আহিছিল নতুন ৰং। পিছে সুখৰ মুহূৰ্তবোৰ বোলে চিৰস্থায়ী নহয়! কান্তাৰ লগতো তেনেকুৱাই হ’ল। ক্ষণস্থায়ী সুখৰ ক্ষণিক আনন্দ লৈ কান্তা পুনৰ নিজৰ আগৰ জীৱনলৈ ঘূৰি গ’ল।

এই কান্তা হৈছে দিল্লীৰ বিখ্যাত 'বাবা কা ধাবা'(Baba Ka Dhaba)ৰ গৰাকী কান্তা প্ৰসাদ। ২০২০ চনত লকডাউনৰ পাছতে দেশজুৰি জনাজাত হৈ পৰিছিল 'বাবা কা ধাবা'। পথৰ কাষৰ এখন সৰু হোটেলত গ্ৰাহকৰ অপেক্ষা কৰি কৰি জীৱন সংগ্ৰাম কৰিছিল কান্তা প্ৰসাদ (Kanta Prasad) আৰু তেওঁৰ পত্নী বাদামী দেৱী (Badami Devi)য়ে। বিগত অক্টোবৰ মাহৰ আগলৈ কোনেও নাজানিছিল কান্তা প্ৰসাদক। দিল্লীৰ মালব্য নগৰৰ এটা পথৰ কাষত খুলিছিল হোটেল। কিন্তু কান্তা আৰু তেওঁৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ হোটেলৰ বিক্ৰী নহৈছিল। মটৰ পনীৰ আৰু দাইল-ৰুটী বিক্ৰী কৰা 'বাবা কা ধাবা'ৰ বেছিখিনি খাদ্য দিনটোৰ শেষত পেলাই দিবলৈ বাধ্য হৈছিল কান্তা প্ৰসাদ।

এদিন এজন গ্ৰাহক আহিল আৰু সলনি কৰি দিলে কান্তাৰ ভাগ্য। সাধু কথাৰ দৰেই কাহিনী। এজন ইউটিউবাৰে 'বাবা কা ধাবা'ৰ পৰা কান্তা আৰু বাদামী দেৱীৰ দুৰ্দশাক লৈ ছেয়াৰ কৰা এটা ভিডিঅ’ একে নিশাই ভাইৰেল হোৱাৰ পিছতে অসংখ্য লোকৰ দান বৰঙণিৰে লাখপতি হৈছিল ৮০ বছৰীয়া কান্তা প্ৰসাদ। কান্তাৰ ৰুক্ষ চাহেৰাত যেন সূৰ্যৰ হেঙুল কিৰণে  আনি দিছিল নতুন আভা।

নতুন জীৱন এটা আৰম্ভ কৰাৰ লক্ষ্যৰে ৫ লাখ টকাৰে এখন ভাল ৰেস্তোৰাঁ আৰম্ভ কৰিলে কান্তা প্ৰসাদে। ৩ জন কৰ্মচাৰিও নিয়োগ কৰিলে কান্তাই। কিন্তু দাতাই দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে। কোৰোণাই আকৌ আগতকৈ অধিক ভয়ংকৰ ৰূপত দেশ ছানি ধৰাত আকৌ লকডাউন হ’ল। এক লকডাউনে যদি কান্তাক ভূমিৰ পৰা ভূমালৈ তুলিছিল আন এক লকডাউনে সেইজন কান্তাক আকৌ আকাশৰ পৰা মাটিত পেলাই দিলে।

কান্তাৰ নতুন ৰেস্তোৰাঁ আৰম্ভ কৰা পাছত জমেট’ৰ দৰে কোম্পানীয়েও হৈছিল চুক্তিবদ্ধ। বজাৰৰ সকলো ঋণ পৰিশোধ কৰিছিল কান্তাই। পতি-পত্নী দুয়োৰে বাবে স্মাৰ্টফোনো কিনিছিল। কিন্তু কোৰোণাৰ দ্বিতীয় ঢৌত হোৱা লকডাউনত বন্ধ হৈ পৰিল কান্তা প্ৰসাদৰ ৰেস্তোৰাঁ। দিল্লীত কোৰোণাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে কান্তাৰো পতন আৰম্ভ হয়। দৈনিক তিনি-চাৰি হাজাৰ টকাৰ বিক্ৰী কৰা কান্তাৰ ৰেস্তোৰাঁৰ বিক্ৰী এক হাজাৰৰ তললৈ নামি আহিল। চকচকীয়া দামী ৰেস্তোৰাঁ এৰি কান্তা আৰু পত্নী পুনৰ পুৰণি দোকানলৈ ঘূৰি আহিল কিছিদিন আগতে।
Published by: Manjumoni Borah
First published: June 9, 2021, 9:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি