Fair and Lovely ক্ৰীমৰ পৰা কাটিলে ‘Fair’ শব্দ, কিয় সলনি কৰা হ’ল নাম?

News18 Assam | News18-Assam
Updated:June 26, 2020, 8:49 AM IST
Fair and Lovely ক্ৰীমৰ পৰা কাটিলে ‘Fair’ শব্দ, কিয় সলনি কৰা হ’ল নাম?
‘Fair and Lovely'ৰ নতুন নাম হ’ব পাৰে ‘Glow and Lovely'

‘Fair and Lovely'ৰ নতুন নাম হ’ব পাৰে ‘Glow and Lovely'

  • Share this:
দেশৰ একাংশ লোকৰ বগা হোৱাৰ হাবিয়াসক মূলধন হিচাপে লৈ ‘Fair and Lovely' নামৰ প্ৰসাধন সামগ্ৰীবিধে বহু বছৰ দখল কৰি আছিল দেশৰ প্ৰসাধনৰ বজাৰ। সামগ্ৰীবিধৰ প্ৰচাৰৰ কাৰণে নিৰ্মাণ কৰা বিজ্ঞাপনসমূহে ছালৰ বৰণক লৈ বৈষম্যৰ সৃষ্টি কৰা বুলি বহু সময়ত অভিযোগো উত্থাপন হোৱা দেখা গৈছিল। এতিয়া ৰাইজৰ ৰোষত পৰি সামগ্ৰীবিধৰ নিৰ্মাতাই সলাব বিচাৰিছে নাম। এতিয়াৰ পৰা আৰু এই প্ৰসাধন সামগ্ৰী বিধত নাথাকে ‘Fair’ শব্দটো। নিৰ্মাতা হিন্দুস্তান লিভাৰে জনোৱা মতে এই প্ৰসাধন সামগ্ৰীবিধ নতুন নামৰে বজাৰত মুকলি কৰা হ’ব। ইতিমধ্যে আবেদন জনোৱা আছে, এতিয়া তেওঁলোক অপেক্ষাৰত নামৰ অনুমোদনলৈ।

প্ৰতিষ্ঠানটোৰ Beauty and Personal Careৰ মুৰব্বী চানী জৈনে জনোৱা মতে Unilever এটা অতি বহুল সমাদৃত ছালৰ যতন লোৱা প্ৰসাধন সামগ্ৰীৰ ব্ৰেণ্ড যি বিশ্বজনীন। এই ব্ৰেণ্ড সকলো ৰঙৰ ছালৰ যতনৰ সামগ্ৰী উৎপাদনৰ প্ৰতি দায়বদ্ধ।

উল্লেখযোগ্য অতি সম্প্ৰতি Johnson and Johnsonএ ছাল বগা কৰা ক্ৰীমৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সামাজিক বিশ্লেষক সকলৰ মতে, আমেৰিকাত আৰম্ভ হোৱা #BlackLivesMatter আন্দোলন পাছত এই প্ৰতিষ্ঠানসমূহে এনে পদক্ষেপ ল’বলৈ বাধ্য হয়। অৱশ্যে ‘Fair and Lovely'ৰ বিৰুদ্ধে বহু কেইখন আবেদন Change.orgৰ যোগেদিও ৰাজহুৱা হৈছিল। ‘Fair and Lovely'ৰ নতুন নাম হ’ব পাৰে ‘Glow and Lovely'।
First published: June 26, 2020, 8:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading