মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Facebook: এতিয়াৰ ফেচবুক চলাবলৈ কৰিব লাগিব এইসমূহ কাম! আজিৰে পৰা সলনি হৈছে নিয়ম

Facebook: এতিয়াৰ ফেচবুক চলাবলৈ কৰিব লাগিব এইসমূহ কাম! আজিৰে পৰা সলনি হৈছে নিয়ম

News18 Assam | News18-Assam
Updated:March 19, 2021, 6:14 PM IST
Facebook: এতিয়াৰ ফেচবুক চলাবলৈ কৰিব লাগিব এইসমূহ কাম! আজিৰে পৰা সলনি হৈছে নিয়ম
যদি আপুনিও স্মাৰ্টফোনত ফেচবুক চলাই, তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকে লৈছে এক নতুন সিদ্ধান্ত। আজিৰে পৰা ম'বাইল ডিভাইচত ফেচবুক লগ-ইন কৰিবলৈ প্ৰয়োজন হ’ব টু ফেক্টৰ অথেন্টিফিকেচনৰ (2FA) ৷

যদি আপুনিও স্মাৰ্টফোনত ফেচবুক চলাই, তেন্তে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকে লৈছে এক নতুন সিদ্ধান্ত। আজিৰে পৰা ম'বাইল ডিভাইচত ফেচবুক লগ-ইন কৰিবলৈ প্ৰয়োজন হ’ব টু ফেক্টৰ অথেন্টিফিকেচনৰ (2FA) ৷

  • Share this:
আপুনি স্মাৰ্টফোনত ফেচবুক চলাই নেকি? এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী। ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকে লৈছে এক নতুন সিদ্ধান্ত। আজিৰে পৰা ম'বাইল ডিভাইচত ফেচবুক লগ-ইন কৰিবলৈ প্ৰয়োজন হ’ব টু ফেক্টৰ অথেণ্টিফিকেশ্যন (2FA) কোড ৷

অৰ্থাৎ আজিৰ পৰা যদি স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে ফেচবুক লগ ইন কৰে, তেন্তে তেওঁ দুটা প্ৰমাণীকৰণ প্ৰক্ৰিয়া (Authentication Process)ৰ মাজেৰে যাব লাগিব। নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য ৰাখি ফেচবুকে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে, ফেচবুকে ২০১৭ চনত ডেক্সটপৰ বাবে এনে সুৰক্ষা প্ৰমাণিকৰণৰ অনুমতি দিছিল আৰু এতিয়া স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ বাবেও প্ৰযোজ্য হ'ব এই নিয়ম । ফেচবুকৰ এই নিয়ম iOS আৰু এণ্ড্ৰইড ম'বাইল ডিভাইচ ব্যৱহাৰকাৰী উভয়ৰ বাবে প্ৰযোজ্য হ’ব ।

কি এই  2 Factor Authentication  প্ৰক্ৰিয়া ?

2 Factor Authentication  প্ৰক্ৰিয়া হৈছে এক সুৰক্ষা বৈশিষ্ট্য। ই আপোনাৰ ফেচবুক অজ্ঞাত ডিভাইচত লগ ইন কৰিলে, প্ৰতিবাৰেই আপোনাৰ পাচৱৰ্ড আৰু আপোনাৰ কোনো প্ৰয়োজনীয় তথ্য পাতি  সুৰক্ষিত কৰি ৰখাত সহায় কৰিব। সাধাৰণতে ই আপোনাৰ ম'বাইল নম্বৰলৈ এটা এছএমএছ কোড প্ৰেৰণ কৰে।

এই সম্পৰ্কত ফেচবুক কৰ্তৃপক্ষই কয় যে, আমি আমাৰ ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাৰ দিশটোকলৈ যথেষ্ট গুৰুত্ব প্ৰদান কৰো ৷ ব্যৱহাৰকাৰীসকলক হেকাৰৰ পৰা ৰক্ষা কৰিবলৈ এটা সুৰক্ষিত প্লেটফৰ্ম নিশ্চিত কৰা হৈছে ।
Published by: Himangshu Bhuyan
First published: March 19, 2021, 5:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি