সপোন কি আৰু কিয় দেখে তাক লৈ প্ৰাচীন কালৰ পৰা আলোচনা কৰা হৈছে আৰু হৈ থাকিব। মনোবিজ্ঞানে সপোনবোৰক আমাৰ মনৰ Subconscious মনৰ পৰা আহে বুলি কয়। আকৌ, যিসকলে অতীন্দ্রিয় কথাত বিশ্বাস কৰে তেওঁলোকে কয় যে সপোনত লুকাই থাকে ভৱিষ্যতৰ লক্ষণ, কেৱল সেইটো বুজি পাব লাগে।
যি কি নহওক, সপোনত আমি দেখো দুঃস্বপ্নও। ইয়াৰে কিছুমান দুঃস্বপ্ন প্ৰায়েই দেখা যায় বাবে ইয়াক সাধৰণতে দেখা দুঃস্বপ্নৰ তালিকাভুক্ত কৰা হৈছে। এনে পাঁচটা দুঃস্বপ্নৰ কাৰণ কিৰূপে ব্যাখ্যা কৰে মনোবিজ্ঞানে জানো আহক।
১. খেদি যোৱা বা দৌৰি পলোৱা, কিন্তু দৌৰিব নোৱাৰাঃ মনোবিজ্ঞানীসকলৰ মতে, এই দুঃস্বপ্নৰ অৰ্থ এটাই– সেয়া হৈছে আমি আমাৰ বাস্তৱতাৰ সৈতে যুঁজি আছোঁ আৰু এটা নিৰ্দিষ্ট পৰিস্থিতিৰ পৰা পলাই যাবলৈ চেষ্টা কৰি আছো, কিন্তু আমি নোৱাৰো। সেইকাৰণে সপোনত দৌৰিলেও তেওঁৰ বেছি গতিপ্ৰাপ্ত নহয়।
২. প্ৰিয়জনৰ মৃত্যুঃ এনে কোনো নাই যিয়ে কেতিয়াও তেওঁৰ প্ৰিয়জনৰ মৃত্যুৰ সপোন দেখা নাই। সেই প্ৰিয়জন পোহনীয়া জন্তু বা ওচৰৰ ব্যক্তি হ'ব পাৰে। কিন্তু তেনে কাৰোবাৰ মৃত্যুৱে প্ৰকৃততে সেই সম্পৰ্কৰ প্ৰতি আমাৰ গভীৰতা আৰু ইয়াক হেৰুওৱাৰ ভয়ৰ প্ৰতীক।
৩. মৃত লোকৰ সপোন দেখাঃ এই দুঃস্বপ্নটোও অতি সচৰাচৰ দেখা যায়, আমি সকলোৱে ইয়াক কোনো বা আন সময়ত অথবা বাৰে বাৰে দেখিছোঁ। এনে হোৱাৰ কাৰণ হ'ল উক্ত লোকজনে আমাৰ জীৱনত পেলোৱা প্ৰভাৱ। মনোবিজ্ঞানে কৈছে যে আমি তেওঁলোকৰ সপোন দেখিছো, কাৰণ সেই অভাৱ সমাধান হোৱা নাই।
৪. অতি উচ্চতাৰ পৰা পৰি যোৱাঃ এনে হোৱাৰ অৰ্থ হৈছে কেৱল এটাই– আমাৰ অসহায়তা। আমি প্ৰকৃততে এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছো যিটো আমাৰ নিয়ন্ত্ৰণত নাই, যিটোৱে আমাক হতবাক কৰি তুলিছে। মনোবিজ্ঞানীসকলে দাবী কৰে যে এনে পৰিস্থিতিত উচ্চতাৰ পৰা পৰা দুঃস্বপ্ন অতি সচৰাচৰ দেখা যায়। ই চিন্তিত হোৱাটোও বুজায়।
৫. লেতেৰা শৌচালয়ঃ এনে দুঃস্বপ্নবোৰ জীৱনৰ কোনো নিৰ্দিষ্ট ঘটনা বা পৰিস্থিতিৰ বিষয়ে আমাৰ অসন্তুষ্টিৰ প্ৰতীক। মনোবিজ্ঞানীসকলে কয় যে যদি আমাৰ জীৱনত এনে কিছু কথা আছে, যাক আমি ঠিক কৰি কৰিব লাগে, অথচ আমি গুৰুত্ব নিদিওঁ, তেনেহ'লে লেতেৰা শৌচালয় দুঃস্বপ্নত প্ৰত্যক্ষ কৰা যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|