হিমালয়ত দেখা পোৱা গৈছে হিমমানৱৰ খোজ! সেনাই প্ৰকাশ কৰিলে ফটো

ভাৰতীয় সেনাই নিজৰ অফিচিয়েল টুইটাৰত শ্বেয়াৰ কৰিছে কিছুমান ফটো, য’ত দেখা গৈছে বৰফৰ মাজত ডাঙৰ–ডাঙৰ ভৰিৰ খোজ। এই খোজক হিমমানৱ ‘য়েটী’ৰ বুলি ধাৰণা কৰা হৈছে।

Dulu Medhi | news18assam
Updated:April 30, 2019, 4:13 PM IST
হিমালয়ত দেখা পোৱা গৈছে হিমমানৱৰ খোজ! সেনাই প্ৰকাশ কৰিলে ফটো
ভাৰতীয় সেনাই হিমমানৱৰ উপস্থিতি প্ৰমাণ কৰিছে ফটোৰ জৰিয়তে
Dulu Medhi | news18assam
Updated: April 30, 2019, 4:13 PM IST
হিমালয়ৰ বৰফৰে ঢাকি ৰখা শিখৰত হিমমানৱ বাস কৰে বুলি আপুনি নিশ্চয় শুনিছে। এনেকুৱা বহু লোক আছে যিয়ে হিমমানৱ দেখা বুলি দাবীও কৰে। যদিও এই সন্দৰ্ভত কোনোধৰণৰ প্ৰমাণ পোৱা নগ’ল। কিন্তু এইবাৰ ভাৰতীয় সেনাই হিমমানৱৰ উপস্থিতি প্ৰমাণ কৰিছে ফটোৰ জৰিয়তে।

ভাৰতীয় সেনাই নিজৰ অফিচিয়েল টুইটাৰত শ্বেয়াৰ কৰিলে কিছুমান ফটো, য’ত বৰফৰ মাজত য’ত দেখা গৈছে বৰফৰ মাজত প্ৰকাণ্ড–প্ৰকাণ্ড ভৰিৰ খোজ।  এই খোজক হিমমানৱ ‘য়েটী’ৰ বুলি ধাৰণা কৰা হৈছে।

সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰিছে টুইটাৰত, ‘‘প্ৰথম বাৰৰ বাবে ভাৰতীয় সেনাই পৰ্বতাৰোহণকাৰী দলে ২০১৯ৰ ৯ এপ্ৰিলত মকালু বেছ কেম্পৰ সমীপত ৩২x১৫ ইঞ্চিৰ হিমমানৱ ৰহস্যময় ‘য়েটী’ৰ খোজ দেখা পোৱা গৈছে। ইয়াৰ পূৰ্বে মায়াবী হিমমানৱ কেৱল মকালু–বৰুণ নেচনেল পাৰ্কত দেখা পোৱা গৈছিল।’




‘য়েটী’ৰ বিষয়ে প্ৰবাদ আছে যে এয়া তুষাৰেৰে আবৃত বিশালকায় মানৱ, যাৰ সমগ্ৰ শৰীৰত চুলি থাকে আৰু মানুহৰ দৰে খোজ কাঢ়িব পাৰে। ‘য়েটী’য়ে হিমালয় বা তিব্বতী অঞ্চলৰ ভিতৰত বাস কৰে বুলিও প্ৰচলিত আছে।

যদিও বিজ্ঞানীসকলৰ মতে ‘য়েটী’ এটা বিশালকায় জীৱ হয়,  দেখিবলৈ সাইলাখ বান্দৰৰ দৰে, কিন্তু মানুহৰ দৰে দুখন ভৰিৰে খোজ কাঢ়িব পাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি