உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • টকৌ পাতত তিনি অলিম্পিয়ানৰ ছবি আঁকি ব্যতিক্ৰমী শুভেচ্ছা, নাৰী শক্তিক দিলে অভিনন্দন। 

    টকৌ পাতত তিনি অলিম্পিয়ানৰ ছবি আঁকি ব্যতিক্ৰমী শুভেচ্ছা, নাৰী শক্তিক দিলে অভিনন্দন। 

    NZR_4AUG_CONGRATULATIONS_TO_LOVLINA_VISUAL_NABUL_KONWAR

    NZR_4AUG_CONGRATULATIONS_TO_LOVLINA_VISUAL_NABUL_KONWAR

    NZR_4AUG_CONGRATULATIONS_TO_LOVLINA_VISUAL_NABUL_KONWAR

    • Share this:
    টকিঅ’ অলিম্পিকত ভাৰতীয় দলত মহিলা বক্সাৰ হিচাপে অংশগ্ৰহণ কৰা অসম জীয়ৰী লভলীনা বৰগোহাঁই আজি ছেমিফাইনেলত পৰাজিত হ'ল ৷ পৰাজিত হৈও  অসমবাসীৰ লগতে দেশবাসীৰ হৃদয় জয় কৰিলে লাভলীনাই ৷ ইতিমধ্যে লভলীনা বৰগোহাঁইয়ে জয় কৰিছে ব্ৰঞ্জৰ পদক ৷ এই সফলতাৰ বাবে এতিয়া প্ৰতিজন অসমীয়া প্ৰতিজন ভাৰতীয় গৌৰৱাম্বিত ৷ প্ৰতিগৰাকী ভাৰতীয়ই এতিয়া শুভেচ্ছা জনাইছে খেলুৱৈগৰাকীক৷

    শিৱসাগৰ জিলাৰ হাঁহচৰাৰ যুৱক তথা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিমাংশু গগৈয়ে খেলুৱৈ গৰাকীক অংকন কৰিলে টকৌ পাতত৷   হিমাংশু গগৈয়ে এক বিশেষ কলাৰে ট’কিঅ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা মিৰাবাই চানু,  লাভলীনা বৰগোহাঁইৰ লগতে পিভি সিন্ধুৰ ছবিও টকৌ পাতত অংকন কৰি খেলুৱৈ কেইগৰাকীক ব্যতিক্ৰমীভাৱে জনালে শুভেচ্ছা৷
    Published by:Manjumoni Borah
    First published: