• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • যেতিয়া নাইট ক্লাৱত সুশান্তক চৰ মাৰিছিল অংকিতা লোখাণ্ডেই! কি কৈছিল সুশান্তই?

যেতিয়া নাইট ক্লাৱত সুশান্তক চৰ মাৰিছিল অংকিতা লোখাণ্ডেই! কি কৈছিল সুশান্তই?

পবিত্ৰ ৰিষ্টাৰ সহ অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ সৈতে ছবছৰীয়া সম্পৰ্কক লৈও সৃষ্টি হৈছিল একাধিক বিতৰ্কৰ। 

পবিত্ৰ ৰিষ্টাৰ সহ অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ সৈতে ছবছৰীয়া সম্পৰ্কক লৈও সৃষ্টি হৈছিল একাধিক বিতৰ্কৰ। 

পবিত্ৰ ৰিষ্টাৰ সহ অভিনেত্ৰী অংকিতা লোখাণ্ডেৰ সৈতে ছবছৰীয়া সম্পৰ্কক লৈও সৃষ্টি হৈছিল একাধিক বিতৰ্কৰ। 

  • Share this:
মুম্বাইঃ দেওবাৰে বান্দ্ৰাত সুশান্ত সিং ৰাজপুতৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছিল তেওঁৰ উলমি থকা মৃতদেহ। আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ইতিমধ্যে পোহৰলৈ আহিছে যে তেওঁৰ মৃত্যু শ্বাসবন্ধ হৈছিল। কি কাৰণে সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰিলে সেয়া আৰক্ষীয়ে এইপৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই। প্ৰাথমিক অনুসন্ধানত ওলাইছে যে মানসিক অৱসাদত ভুগিছিল তেওঁ। সুশান্তৰ চিকিৎসককো প্ৰশ্ন কৰা আৰম্ভ কৰিছে আৰক্ষীয়ে। হতাশাৰ কাৰণে ধৰিব নোৱাৰিলেও ব্যক্তিগত জীৱন আৰু কেৰিয়াৰ দুয়োটাক লৈ দুঃচিন্তাত ভুগিছিল সুশান্ত।

ইণ্ডাষ্ট্ৰীৰ একাংশৰ মতে ছিচোৰেৰ পিছত সুশান্তৰ হাতৰ পৰা এখনৰ পিছত সিখনকৈ সাতখন ছবি ওলাই গৈছিল। ২০১৯ৰ ছেপ্তেম্বৰ মাহত ৰিলিজ হৈছিল ছিচোৰে। ইয়াৰ পিছত তেওঁৰ হাতত কেৱল ‘দিল বেচাৰা’ ছবিখনেই আছিল। এই ছবিত তেওঁ নৱাগত অভিনেত্ৰী সঞ্জনা সাংভিৰ সৈতে কাম কৰিছিল।

ব্যক্তিগত জীৱনতো যেন সুখী নাছিল সুশান্ত। পবিত্ৰ ৰিষ্টাৰ ক’ ষ্টাৰ অংকিতা লোখাণ্ডেৰ সৈতে তেওঁৰ ছবছৰীয়া সম্পৰ্কক লৈও একাধিক বিতৰ্কৰ সৃষ্টি হৈছিল। অংকিতাৰ সৈতে সম্পৰ্ক অত্যন্ত বেয়াকৈ বিচ্ছিন্ন হৈছিল সুশান্তৰ। ঘনিষ্ঠ মহলৰ মতে দুয়োজনৰ মাজত কাজিয়া–পেচাল বাঢ়ি যোৱাৰ লগতে বিভিন্ন সময়ত হতাহতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছিল।

২০১৫ বৰ্ষত দুয়োজনৰ মাজত হোৱা এনেধৰণৰ এক ঘটনা ভাইৰেল হৈছে। কোৱা হৈছে যে এটা নাইট ক্লাৱত অংকিতাই সুশান্তক সকলোৰে আগত চৰিয়াই দিছিল। নাইট ক্লাৱত পাৰ্টি কৰিবলৈ গৈছিল সুশান্ত আৰু অংকিতা। কিছু পৰিমাণে সুৰাপাণ কৰাৰ পিছত ফেনৰ সৈতে নাচিবলৈ লৈছিল সুশান্তই। সেই লৈয়ে দুয়োৰে মাজত তৰ্কাতৰ্কি হয়। অংকিতাই মানা কৰাৰ পিছতো নাচ বন্ধ নকৰাত হিতাহিত জ্ঞান হেৰুৱাই সকলোৰে আগতে চৰিয়াই দিছিল অংকিতাই।

এই বিষয়ত অৱশ্যে সুশান্ত বা অংকিতা কোনেও একো মন্তব্য পৰৱৰ্তী সময়ত কৰা নাছিল। তাৰ উপৰিও ২০১৩চনত য়শৰাজ ষ্টুডিঅ’তো একেধৰণৰ ঘটনা ৰিপ’ৰ্ট হৈছিল। য’ত সুশান্তই জনায়, ‘মই দৈনিক এনেকৈ বেছিকৈ কাম কৰি আছো সেইকাৰণে মই চৰ খোৱা উচিত। কিন্তু এতিয়াও এনেধৰণৰ একো হোৱা নাই।’ সেই সময়ত অংকিতাইও জনাইছিল তেওঁ কোনোদিন সুশান্তক চৰ মৰা নাই। দুবছৰ পূৰ্বে হোৱা সেই ঘটনাক লৈ কোনেও একো নক’লেও দুজনৰ সম্পৰ্ক ভাঙে। ইয়াৰ কাৰণেই ভাঙি পৰিছিল সুশান্ত।
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি