মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Daughters Can Use Mother's Surname : পিতৃ কন্যা সন্তানৰ মালিক নহয়, প্ৰত্যেক সন্তানে পিতৃৰ সলনি মাতৃৰ উপাধি ব্যৱহাৰ কৰাৰ অধিকাৰ আছে : দিল্লী উচ্চ ন্যায়ালয়

Daughters Can Use Mother's Surname : পিতৃ কন্যা সন্তানৰ মালিক নহয়, প্ৰত্যেক সন্তানে পিতৃৰ সলনি মাতৃৰ উপাধি ব্যৱহাৰ কৰাৰ অধিকাৰ আছে : দিল্লী উচ্চ ন্যায়ালয়

Manjumoni Borah | News18-Assam
Updated:August 6, 2021, 9:38 PM IST
Daughters Can Use Mother's Surname : পিতৃ কন্যা সন্তানৰ মালিক নহয়, প্ৰত্যেক সন্তানে পিতৃৰ সলনি মাতৃৰ উপাধি ব্যৱহাৰ কৰাৰ অধিকাৰ আছে : দিল্লী উচ্চ ন্যায়ালয়
representative image

প্ৰত্যেক সন্তানৰে মাতৃৰ উপাধি ব্যৱহাৰ কৰাৰ অধিকাৰ থাকে। প্ৰতিগৰাকী শিশুৰ নিজৰ পিতৃৰ সলনি মাতৃৰ উপাধি লিখাৰ অধিকাৰ আছে : দিল্লী উচ্চ ন্যায়ালয়

  • Share this:
এতিয়াৰে পৰা সন্তানে নিজৰ নামৰ পিছত কেৱল পিতৃৰ উপাধি  (Father's Surname) নিলিখিলেও হ'ব, কাৰণ এতিয়াৰ পৰা সন্তানে লিখিব পাৰিব মাতৃৰ উপাধি (Moather's Surname)ও। শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court)। ন্যায়ালয়ে এক পৰ্যবেক্ষণত কয় যে প্ৰতিগৰাকী শিশুৰ নিজৰ পিতৃৰ সলনি মাতৃৰ উপাধি লিখাৰ অধিকাৰ আছে।

এটা গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰেখা পাল্লি (Justice Rekha Palli)য়ে এই পৰ্যবেক্ষণ আগবঢ়ায়। এজন পিতৃয়ে তেওঁৰ কন্যাৰ নামৰ সৈতে মাকৰ উপাধিৰ সলনি পিতৃৰ উপাধি লিখাৰ বাবে নিৰ্দেশ দিবলৈ কৰা আবেদন এখন খাৰিজ কৰি শুকুৰবাৰে ন্যায়াধীশ পাল্লিয়ে এই পৰ্যবেক্ষণ আগবঢ়ায়।

"পিতৃ কন্যা সন্তানৰ মালিক নহয় আৰু সেয়ে কন্যাই কাৰ উপাধি লিখিব সেই কথাত কৰ্তৃত্ব খটুৱাবলৈ কাৰো অধিকাৰ নাই। যদি নাবালিকা কন্যাগৰাকী মাতৃৰ উপাধিৰ সৈতে সুখী বা সন্তুষ্ট তেনেহ'লে ইয়াত সমস্যা কি?" বুলি ন্যায়ালয়ে মন্তব্য কৰে।

আবেদনকাৰী পিতৃয়ে আদালতক কয় যে তেওঁৰ নাবালিকা কন্যাই তাইৰ উপাধিটো 'শ্ৰীবাস্তৱ'ৰ পৰা 'ছাক্সেনা'লৈ সলনি কৰিছে। ইয়াৰ ফলত তাইৰ নামত থকা 'বীমা পলিচী'ৰ ধন আদায়ত অসুবিধা হ'ব বুলিও আদালতক পতিয়ন নিয়াবৰ চেষ্টা কৰে। তেওঁ লগতে ইয়াকো কয় যে কন্যাগৰাকী যিহেতু নাবালিকা সেয়ে এনে ধৰণৰ বিষয়ত তাই নিজে সিদ্ধান্ত ল'ব নোৱৰাটো স্বাভাৱিক। উল্লেখ্য যে কন্যাগৰাকীৰ মাতৃ দীৰ্ঘদিন ধৰি  পিতৃৰ পৰা আঁতৰি আছে।



কিন্তু আবেদনকাৰী পিতৃৰ দীঘলীয়া আবেদন শুনাৰ পাছত এই আবেদনত কোনো মেৰিট নাই বুলি আবেদনখন খাৰিজ কৰে।


Published by: Manjumoni Borah
First published: August 6, 2021, 9:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি