১ জানুৱাৰীৰ পৰা ছোৱালীৰ বিয়াৰ বাবে চৰকাৰে দিব এতোলা সোণ, কি কৰিব লাগিব আপুনি?

News18 Assam | News18-Assam
Updated:December 30, 2019, 3:05 PM IST
১ জানুৱাৰীৰ পৰা ছোৱালীৰ বিয়াৰ বাবে চৰকাৰে দিব এতোলা সোণ, কি কৰিব লাগিব আপুনি?
বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব সোণ ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা।

বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব সোণ ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা।

  • Share this:
বাল্য বিবাহ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে এখন অভিলাসী আঁচনি। ২০২০ চনৰ জানুৱাৰীৰ পৰা উপযুক্ত বয়সত বিয়া হ’লে ছোৱালীক চৰকাৰে দিব এতোলা সোণ। বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব সোণ ক্ৰয়ৰ বাবে ৩০ হাজাৰ টকা। কিন্তু চৰকাৰে আগবঢ়োৱা এই আচঁনিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে দৰা কইনা হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ। অৱশ্যে চাহ জনজাতি আৰু আদিবাসীৰ ক্ষেত্ৰত নালাগে কোনো শিক্ষাগত অৰ্হতা।

১ জানুৱাৰীৰ পৰা বলবৎ হ’ব চৰকাৰৰ এই অভিলাসী আঁচনিখন। আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্য্যলয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব। লগতে হিতাধিকাৰীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখ তলত উপৰ্জন কৰিলেহে এই আঁচনিৰ সুবিধা পাব।

আচঁনি খনৰ লক্ষ্য, উদ্দেশ্য

১. বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰে লৈছে অভিলাসী আচঁনি। অৰুন্ধতী আঁচনিৰ জৰিয়তে চৰকাৰে বিবাহ উপযুক্ত ছোৱালীক দিব এতোলাকৈ সোণৰ মূল্য।

২. বিবাহ পঞ্জীয়ন হ’লেহে লাভ কৰিব এতোলা সোণ ক্ৰয়ৰ বাবে ৩০,০০০ টকা। বিবাহ পঞ্জীয়নৰ চাৰিদিনৰ ভিতৰত বিবাহ উপযুক্ত ছোৱালীৰ একাউণ্টত জমা হ’ব ধনৰাশি।

৩. চৰকাৰী সোণ লাভ কৰিবলৈ দৰা–কইনা হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ। আদিবাসী, চাহ জনজাতিৰ দৰা কইনাক নালাগে শিক্ষাগত অৰ্হতা।

৪. অৰুন্ধতী স্বৰ্ণ আচনিখন ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা বলবৎ হ’ব।

৫. আচঁনিখনৰ অংশীদাৰ হ’বলৈ স্পেছিয়েল মেৰেজ এক্ট, ১৯৫৪ৰ অধীনত বিবাহ পঞ্জীয়ন কৰাব লাগিব। চক্ৰ বিষয়াৰ কাৰ্যালয়তো বিবাহ পঞ্জীয়নৰ ব্যৱস্থা থাকিব।

৬. ডিচেম্বৰত সামাজিক ভাবে বিয়া পাতিলেও ২০২০ চনত পঞ্জীয়নৰ সুবিধা লব পাৰিব।

৭.হিতাধিকাৰীৰ অভিভাৱক অথবা নিজে বছৰে ৫ লাখ তলত উপৰ্জন কৰিলেহে এই আঁচনিৰ সুবিধা পাব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি