PF একাউণ্টৰ ক্ষেত্ৰত কোনোপধ্যে নকৰিব এই ভুল, হ’ব ৫০,০০০টকালৈকে লোকচান

News18 Assam | News18-Assam
Updated:May 13, 2020, 10:56 AM IST
PF একাউণ্টৰ ক্ষেত্ৰত কোনোপধ্যে নকৰিব এই ভুল, হ’ব ৫০,০০০টকালৈকে লোকচান
EPFO ৰ ১টা নিয়ম জানিলে আপুনি ৫০হাজাৰ টকালৈকে লাভ উঠাব পাৰিব।

EPFO ৰ ১টা নিয়ম জানিলে আপুনি ৫০হাজাৰ টকালৈকে লাভ উঠাব পাৰিব।

  • Share this:
নতুন দিল্লীঃ কৰ্মচাৰী ভৱিষ্যৎ নিধি সংগঠন (EPFO)ৰ চাবস্ক্ৰাইবাৰ্ছ সকলে নিজৰ EPF একাউণ্টৰ সৈতে জৰিত বহুকেইটা জৰুৰী নিয়ম নজনাৰ কাৰণে বৃহৎ লোকচানৰ আশংকা সদায় থাকি যায়। বেছিভাগ চাবস্ক্ৰাইবাৰ্ছে EDLI আঁচনিৰ অধীনত ৬লাখ টকাৰ বীমা, পেন্সন, ইনকম টেক্স ডিডাকচন আদিৰ সৈতে জৰিত নিয়মৰ সৈতে অৱগত নহয়। ইয়াৰ মাজতে এটা নিয়ম হৈছে Loyalty-cum-Lifeৰ বেনিফিটৰ সৈতে জৰিত নিয়ম। এই সুবিধাৰ অধীনত কোনো কৰ্মচাৰীয়ে যদি একেৰাহে ২০বছৰ পৰ্যন্ত নিজৰ ইপিএফ একাউণ্টত বৰঙনি আগবঢ়াইছে তেনেহ’লে তেওঁ অৱসৰ ল’বৰ সময়ত ৫০,০০০টকালৈকে লাভ উঠাব পাৰে।

দৰাচলতে প্ৰতিজন EPF একাউণ্ট হল্ডাৰ্ছক এই পৰামৰ্শ দিয়া হয় যে তেওঁ নিজৰ চাকৰি সলনি কৰিলেও এটাই EPF একাউণ্টত বৰঙনি যোগাই যাব লাগে, এনেকৈ একেৰাহে ২০বছৰ এটা একাউণ্টত টকা জমা কৰালে তেওঁ Loyalty-cum-Life বেনিফিটৰ সুবিধা লাভ কৰিব পাৰে।

কেন্দ্ৰ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে?

এজনৰ মতে, লকডাউনৰ মাজত ১৩ এপ্ৰিলত CBDT–এ Loyalty-cum-Life বেনিফিটৰ সুবিধা সেইসমূহ একাউণ্ট হল্ডাৰক দিবলৈ পৰামৰ্শ দিছে যিসকলে ২০বছৰ পৰ্যন্ত নিজৰ ইপিএফ একাউণ্টত টকা জমা কৰিছে। কেন্দ্ৰ চৰকাৰে ইয়াৰ কাৰণে মঞ্জুৰি প্ৰদান কৰিছে। অৰ্থাত্ কোনোবা যদি ইয়াৰ যোগ্য হয় তেনেহ’লে তেওঁ ৫০,০০০টকালৈকে লাভ উঠাব পাৰিব।

কোনে কিমান লাভ পাব?

জানিব পৰা মতে, Loyalty-cum-Life ইন্সুৰেন্সৰ অধীনত ৫,০০০টকা পৰ্যন্ত বেছিক দৰমহাৰ ব্যক্তিয়ে ৩০,০০০টকালৈকে লাভ পাব। যিসকলৰ দৰমহা ৫,০০১টকাৰ পৰা ১০,০০০টকা পৰ্যন্ত সেইসকলে ৪০,০০০টকা লাভৰ যোগ্য বিবেচিত হ’ব। সেইদৰে যদি কোনো কৰ্মচাৰীৰ মাহেকীয়া বেছিক চেলাৰী ১০,০০০টকাৰ অধিক হয় তেনেহ’লে তেওঁ ৫০,০০০টকা পৰ্যন্ত লাভ পাব।

লাভ উঠাবলৈ কি কৰিব লাগিব?

EPFO চাবস্ক্ৰাইবাৰ্ছে ইয়াৰ লাভ উঠাবলৈ সকলোতকৈ প্ৰথম এইটো নিশ্চিত কৰিব লাগিব যে চাকৰি সলনি কৰিলেও নিজৰ EPF একাউণ্ট একেটাই ৰাখে। সাধাৰণতে চাকৰি কৰি থকা সময়ত পিএফ উইড্ৰ’লৰ পৰামৰ্শ দিয়া নহয়। চাবস্ক্ৰাইবাৰ্ছে এনে কৰিলে ইনকম টেক্স সহ ৰিটায়াৰমেণ্ট ফাণ্ডত লোকচান ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰ দ্বাৰা তেওঁৰ পেন্সন বেনিফিট আৰু লয়েল্টিৰো লোকচান হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading