মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »১ জুনৰ পৰা কাৰ্যকৰী হ'ব EPFOৰ নতুন নিয়ম ! চৰ্ত পূৰণ নকৰিলে ডাঙৰ সমস্যাত পৰিবলগীয়া হ'ব পাৰে PF একাউন্টৰ গৰাকী...

১ জুনৰ পৰা কাৰ্যকৰী হ'ব EPFOৰ নতুন নিয়ম ! চৰ্ত পূৰণ নকৰিলে ডাঙৰ সমস্যাত পৰিবলগীয়া হ'ব পাৰে PF একাউন্টৰ গৰাকী...

EPFO য়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পন কৰিছে । যদি নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম হয়, তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব পাৰে ।

EPFO য়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পন কৰিছে । যদি নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম হয়, তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব পাৰে ।

EPFO য়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পন কৰিছে । যদি নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম হয়, তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব পাৰে ।

  • Share this:
কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই সংগঠন চমুকৈ EPFOয়ে ১ জুনৰ পৰা PF একাউণ্টৰ গৰাকীৰ বাবে কাৰ্যকৰী কৰিব নতুন নিয়ম (EPFO New Rule) । যদিহে এই নিয়মৰ চৰ্তাৱলীসমূহ পূৰণ কৰা নহয়, তেন্তে একাউন্টৰ গৰাকী কৰ্মচাৰীয়ে যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি পাৰে ।

তেনেস্থলত এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পূৰ্বেই কৰ্মচাৰীসকলে তেওঁলোকৰ নিয়োগকৰ্তা (Employer)ৰ সৈতে এই বিষয়ে কথা পাতি লওক আৰু সংগঠনৰ এই চৰ্ত শীঘ্ৰেই পূৰণ কৰি লওক ।

দৰাচলতে,নতুন নিয়মৰ অধীনত EPFO য়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্টৰ সৈতে আধাৰ লিংক কৰাৰ দায়িত্ব অৰ্পন কৰিছে । যদি নিয়োগকৰ্তাসকলে এনে কৰিবলৈ অক্ষম হয়, তেন্তে গ্ৰাহকৰ একাউণ্টত কোম্পানীৰ অৱদান বাতিল কৰা হ'ব পাৰে ।

ইউএএন (UAN)ক আধাৰৰ দ্বাৰা প্ৰমাণ অৰ্থাত্ Verify কৰিব লাগিব, অন্যথা হ'ব পাৰে সমস্যা -

EPFOৰ নতুন নিয়ম অনুসৰি PF একাউন্টৰ গৰাকীৰ ইউএএন (UAN)য়ো আধাৰৰ দ্বাৰাই Verify কৰিব লাগিব ।সামাজিক সুৰক্ষা কোড(Social Security Code)ৰ ধাৰা ১৪২-ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে EPFOয়ে । সেয়েহে নিয়োগকৰ্তাসকলক নিৰ্দেশ দিয়া হৈছে যে যদিহে ১ জুনৰ পিছত তেওঁলোকৰ কৰ্মচাৰীৰ PF একাউণ্ট আধাৰৰ সৈতে লিংক কৰা নাথাকে বা UANক আধাৰৰ দ্বাৰা Verify কৰা নহয়, তেন্তে তেওঁৰ বাবে ইলেক্ট্ৰনিক চালান আৰু ৰিটাৰ্ণ (ECR) দাখিল কৰিব নোৱাৰিব। সেয়েহে কৰ্মচাৰী PF একাউণ্টক আধাৰৰ সৈতে লিংক কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

EPFOৰ ৱেবছাইটযোগে ঘৰত বহিয়েই লিংক কৰক আপোনাৰ PF একাউণ্ট -

ভৱিষ্যনিধি সংগঠনৰ মতে, যদি আপোনাৰ PF একাউণ্ট আধাৰৰ সৈতে লিংক হৈ নাথাকে বা আধাৰৰ দ্বাৰা আপোনাৰ UAN নম্বৰ Verify কৰা নহয়, তেন্তে আপোনাৰ একাউন্টত নিয়োগকৰ্তাৰ অৱদানো বাতিল কৰা হ'ব পাৰে।

ইপিএফঅ'য়ে এই সন্দৰ্ভত নিয়োগকৰ্তাসকলক এটা জাননীও প্ৰেৰণ কৰিছে। একে সময়তে, যদি PF একাউণ্টৰ গৰাকীৰ একাউণ্ট আধাৰৰ সৈতে লিংক কৰা নহয়, তেন্তে তেওঁ EPFOৰ সেৱা ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব বুলি কোৱা হৈছে । সেয়েহে একাউণ্টৰ গৰাকীয়ে EPFOৰ ৱেবচাইট www.epfindia.gov.inত লগ ইন কৰি ঘৰত বহিয়েই নিজৰ একাউন্ট আধাৰৰ সৈতে লিংক কৰিব পাৰে।

শেহতীয়া বাতৰি