EPFO News: কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (The Employees’ Provident Fund Organisation-EPFO) গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ আছে। নতুন বছৰত তেওঁলোকৰ নূন্যতম পেঞ্চন বৃদ্ধি কৰা হ'ব পাৰে। এই বিষয়টো ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া শ্ৰম মন্ত্ৰালয়ৰ বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। আশা কৰা হৈছে যে বৈঠকত নিম্নতম পেঞ্চন ১ হাজাৰ টকাৰ পৰা ৯ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব পাৰে।
উল্লেখ্য যে যোৱা বছৰ মাৰ্চ মাহত সংসদৰ স্থায়ী সমিতিয়ে নিম্নতম পেঞ্চন ৩,০০০ টকা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। ইফালে, পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি ইয়াক ৯ হাজাৰ টকা ৰখাৰ দাবী কৰি আহিছে। ই.পি.এফ.ও.-ৰ অধীনত পি.এফ. প্ৰাপ্ত কৰা সকলো কৰ্মচাৰীক পেঞ্চন আঁচনি ১৯৯৫ (Employees’ Pension Scheme-EPS)ৰ অধীনত আৱৰা হয়।
সংগঠিত খণ্ডৰ গ্ৰাহকসকলে ৫৮ বছৰৰ পিছত নিম্নতম ১ হাজাৰ টকাৰ পেঞ্চন লাভ কৰে। একেজন কৰ্মচাৰী পেঞ্চনৰ অধিকাৰী যিয়ে কমেও ১০ বছৰ কাম কৰিছে। আঁচনিখনে বিধৱা পেঞ্চন আৰু শিশুৰ পেঞ্চনৰ ব্যৱস্থাও কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : January 05, 2022, 14:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।