মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »EPFO Employees Provident Fund : বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ উপহাৰ! হোলীৰ পূৰ্বে মোদী চৰকাৰে দিব পাৰে সুখবৰ!

EPFO Employees Provident Fund : বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ উপহাৰ! হোলীৰ পূৰ্বে মোদী চৰকাৰে দিব পাৰে সুখবৰ!

দেশৰ ৬ কোটিৰো অধিক পিএফ একাউণ্ট হোল্ডাৰে দীৰ্ঘদিন ধৰি তেওঁলোকৰ ইপিএফ সুদৰ বাবে অপেক্ষা কৰিছে।

দেশৰ ৬ কোটিৰো অধিক পিএফ একাউণ্ট হোল্ডাৰে দীৰ্ঘদিন ধৰি তেওঁলোকৰ ইপিএফ সুদৰ বাবে অপেক্ষা কৰিছে।

দেশৰ ৬ কোটিৰো অধিক পিএফ একাউণ্ট হোল্ডাৰে দীৰ্ঘদিন ধৰি তেওঁলোকৰ ইপিএফ সুদৰ বাবে অপেক্ষা কৰিছে।

  • Share this:
ডাঙৰ সুখবৰ দিব পাৰে মোদী চৰকাৰে। বেচৰকাৰী কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকলৰ এটা ডাঙৰ অংশই পি এফ একাউণ্টত টকা জমা কৰিব লাগে। কিন্তু চলিত বছৰত এতিয়াও পিএফ একাউণ্টত সুদৰ ধন অহা নাই। কিন্তু এই সন্দৰ্ভত আহিছে ডাঙৰ আপডেট।

দেশৰ ৬ কোটিৰো অধিক পিএফ একাউণ্ট হোল্ডাৰে দীৰ্ঘদিন ধৰি তেওঁলোকৰ ইপিএফ সুদৰ বাবে অপেক্ষা কৰিছে। চৰকাৰে ২০২৩ চনৰ বাজেটো দাখিল কৰা হৈছে। কিন্তু তাত সুন্দৰ ধন স্থানান্তৰৰ বিষয়ে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। এতিয়ালৈ কৰ্মচাৰীসকলৰ পিএফৰ সুদৰ ধন পিএফ একাউণ্টত অহা নাই।

বহু গ্ৰাহকে টুইটাৰত EPFOক সুদৰ ধন দিবলৈ আবেদন জনাইছে। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমৰ ৰিপ’ৰ্টত দাবী কৰা হৈছে, পিএফৰ সুদৰ ধন ফেব্ৰুৱাৰীৰ শেষত অৰ্থাৎ হোলীৰ পূৰ্বে আহিব পাৰে।

ইয়াৰ পূৰ্বৰ তথ্য চাবলৈ গ’লে দেখা যায়, ২০২১ চনত দীপাৱলীৰ ওচৰা–ওচৰিকৈ সুদৰ ধন আহিছিল। কিন্তু ২০২২ চনৰ পিছতো পূৰ্বৰ বছৰৰ সুন্দৰ টকা এতিয়াও অহা নাই।

ফেব্ৰুৱাৰীৰ শেষত পিএফ একাউণ্টত সুদৰ ধন স্থানান্তৰ হ’ব পাৰে। ধাৰণা কৰা হৈছে, হোলীৰ পূৰ্বে কৰ্মচাৰীসকলে সুখবৰ লাভ কৰিব পাৰে। বহুতেই ইপিএফঅ’ৰ অফিচিয়েল টুইটাৰ একাউণ্টত প্ৰশ্ন কৰিছে যে তেওঁলোকৰ পিএফৰ টকা কেতিয়া আহিব।

পিএফ একাউণ্ট হোল্ডাৰসকলে আশা কৰিছে মোদী চৰকাৰে শীঘ্ৰে তেওঁলোকৰ পিএফ একাউণ্টত সুদৰ টকা স্থানান্তৰ কৰিব। পিএফৰ সুদৰ ধন এক দীৰ্ঘ প্ৰক্ৰিয়াৰ অন্তত পোৱা যায়, যাৰ বাবে কিছু সময় লাগে। ৬ কোটি পিএফ একাউণ্টধাৰীসকলে একেলগে সুদৰ টকা নাপায়। এইবাৰ একাউণ্টধাৰীসকলে পিএফত ৮.১ শতাংশ হাৰত সুদ পাব পাৰে।

শেহতীয়া বাতৰি