চাকৰিয়াললৈ সুখবৰ! দুগুণলৈ বৃদ্ধি হ’ব পাৰে পেঞ্চন

আপুনি কৰ্মৰত প্ৰতিষ্ঠানে প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা PFৰ ধন কৰ্তন কৰে যি ধন জমা হয় EPFOত।

News18-Assam
Updated:August 21, 2019, 11:21 AM IST
চাকৰিয়াললৈ সুখবৰ! দুগুণলৈ বৃদ্ধি হ’ব পাৰে পেঞ্চন
আপুনি কৰ্মৰত প্ৰতিষ্ঠানে প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা PFৰ ধন কৰ্তন কৰে যি ধন জমা হয় EPFOত।
News18-Assam
Updated: August 21, 2019, 11:21 AM IST
চাকৰি কৰা লোকসকলৰ বাবে EPFOৰ ফালৰ পৰা আহিব পাৰে ভাল খবৰ। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ২১ আগষ্টত হায়দৰাবাদত অনুষ্ঠিত হ’ব EPFOৰ চেন্ট্রেল ব্যূৰ’ অব ট্ৰাষ্টি অৰ্থাৎ CBTৰ বৈঠক। এই বৈঠকত ন্যূনতম পেঞ্চন ১০০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধিক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। যদি বৈঠকত পেঞ্চন বৃদ্ধিৰ ওপৰত সহমত পোষণ কৰা হয় তেন্তে ইয়াৰ বাবে লাভান্বিত হ’ব পি এফৰ একাউণ্টধাৰীসকল। অৰ্থাৎ দুগুণলৈ বৃদ্ধি হ’ব পাৰে পেঞ্চনৰ ধন।

উল্লেখযোগ্য যে, আপুনি কৰ্মৰত প্ৰতিষ্ঠানে প্ৰতিমাহে আপোনাৰ দৰমহাৰ পৰা PFৰ ধন কৰ্তন কৰে যি ধন জমা হয় EPFOত। PFত আপোনাৰ দৰমহাৰ কমপক্ষেও ১২ শতাংশ বৰঙণি থাকে। ১২ শতাংশ কোম্পানীৰ ফালৰ পৰা দিয়া হয়। কোম্পানীয়ে যি ধন পি এফৰ বাবে আগবঢ়ায় তাৰ ৮.৩৩ শতাংশ পেঞ্চন যোজনালৈ যায় আৰু বাকী ৩.৬৭ অংশ EPFত জমা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি