চাকৰিয়ালসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই খবৰ! এতিয়াৰে পৰা দিব লাগিব এই কৰ!

২০২১ৰ বাজেটে অনা এই নতুন ব্যৱস্থাই উচ্চ হাৰত উপাৰ্জন কৰা লোকসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব, যিসকলে কৰমুক্ত সুতৰ বাবে ভি পি এফ ব্যৱহাৰ কৰে।
২০২১ৰ বাজেটে অনা এই নতুন ব্যৱস্থাই উচ্চ হাৰত উপাৰ্জন কৰা লোকসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব, যিসকলে কৰমুক্ত সুতৰ বাবে ভি পি এফ ব্যৱহাৰ কৰে।
- News18 Assam
- Last Updated: February 23, 2021, 6:23 PM IST
কিন্তু এতিয়াৰে পৰা এই নিয়মবোৰ সলনি কৰা হ'ব। সৰল অৰ্থত যদি অৱদানৰ পৰিমাণে সীমা অতিক্ৰম কৰে তেতিয়া গ্ৰাহকজনে লাভৰ ওপৰত আয়কৰ পৰিশোধ কৰিব লাগিব। চলিত ২০২১ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা দেশত ই পি এফ আৰু ভি পিএফৰ পূৰ্বৰ নিয়মবোৰত পৰিৱৰ্তন আহিব।
চলিত নিয়ম অনুসৰি পি এফ অৱদান যিমানেই নহওক কিয় ই পি এফ, ভি পি এফ আৰু ই পি এফ টি সুতৰ ওপৰত আয়কৰ ৰেহাই দিয়া হয়। কিন্তু ২০২১ চনৰ সাধাৰণ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ই পি এফত বছৰি ২.৫০ লাখ টকাতকৈ অধিক জমা ধনৰাশিৰ বাবে কৰ আৰোপ কৰাৰ ঘোষণা কৰে। অৰ্থাৎ ভৱিষ্য নিধিত বছৰি ২.৫ লাখ টকাতকৈ অধিক ধন জমা কৰিলে এতিয়াৰে পৰা তাৰ সুতৰ ওপৰত স্বাভাৱিক হাৰত কৰ আদায় কৰা হ'ব।
নতুন নিয়ম অনুসৰি, ই কেৱল কৰ্মচাৰীসকলে জমা কৰা অৱদানৰ পৰিমাণৰ বাবেহে প্ৰযোজ্য হ'ব। অৰ্থাৎ যদি কোম্পানীৰ পৰা অৱদান বৃদ্ধি কৰা হয় তেতিয়া লাভ কৰা সুত কৰ মুক্ত হ'ব।
২০২১ৰ বাজেটে অনা এই নতুন ব্যৱস্থাই উচ্চ হাৰত উপাৰ্জন কৰা লোকসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব, যিসকলে কৰমুক্ত সুতৰ বাবে ভি পি এফ ব্যৱহাৰ কৰে। ই পি এফ আইনৰ অধীনত কৰ্মচাৰী আৰু কোম্পানীৰ অৱদান মৌলিক দৰমহাৰ ১২ শতাংশ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে কৰ্মচাৰীসকলে স্ব–ইচ্ছাই ভি পি এফত এই পৰিমাণৰ ধনতকৈ অধিক জমা কৰিব পাৰে আৰু তাৰ বাবে কোনো সীমা নাই। কৰ ৰেহাই পাবৰ বাবে এই ভি পি এফৰ ব্যৱহাৰ কৰে বহু কৰ্মচাৰীয়ে।
এক শতাংশ কৰ্মচাৰীৰ ওপৰত পৰিব এই নতুন নিয়মৰ পোনপটীয়া প্ৰভাৱ -
কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO)ৰ অংশীদাৰৰ সংখ্যা ৬ কোটিতকৈ অধিক। ঘাটি ৰাজহ ক্ষতিপূৰণৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা বছৰি ২০.৮৩ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা কৰ্মচাৰীসকলকহে প্ৰভাৱিত কৰিব। এই নতুন নিয়মে ভি পি এফত ধন জমাৰ সংখ্যা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।