দেশৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে EPF হৈছে ভৱিষ্যতৰ এক সঞ্চয়, লাভ আৰু কৰ সংৰক্ষণৰ এক বিকল্প। ইয়াৰ পৰিপ্ৰেক্ষিততে অধিকাংশ কৰ্মচাৰীয়ে নিয়ম অনুসৰি নিজৰ ইচ্ছা অনুসৰি বৃদ্ধি কৰি ই পিএফৰ পৰিমাণ বৃদ্ধি কৰি আহিছে। ইচ্ছা অনুসৰি ই পি এফত বঢ়োৱা এই জমা ধনক স্বেচ্ছামূলক ভৱিষ্য পুঁজি (VPF) বুলি কোৱা হয়। এতিয়ালৈকে ই পি এফত অৱদানৰ কোনো সীমা ৰখা হোৱা নাই। লগতে ইয়াত জমাধনৰ ওপৰত কৰ মুক্ত ৰিটাৰ্ণো আছে।
কিন্তু এতিয়াৰে পৰা এই নিয়মবোৰ সলনি কৰা হ'ব। সৰল অৰ্থত যদি অৱদানৰ পৰিমাণে সীমা অতিক্ৰম কৰে তেতিয়া গ্ৰাহকজনে লাভৰ ওপৰত আয়কৰ পৰিশোধ কৰিব লাগিব। চলিত ২০২১ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা দেশত ই পি এফ আৰু ভি পিএফৰ পূৰ্বৰ নিয়মবোৰত পৰিৱৰ্তন আহিব।
চলিত নিয়ম অনুসৰি পি এফ অৱদান যিমানেই নহওক কিয় ই পি এফ, ভি পি এফ আৰু ই পি এফ টি সুতৰ ওপৰত আয়কৰ ৰেহাই দিয়া হয়। কিন্তু ২০২১ চনৰ সাধাৰণ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ই পি এফত বছৰি ২.৫০ লাখ টকাতকৈ অধিক জমা ধনৰাশিৰ বাবে কৰ আৰোপ কৰাৰ ঘোষণা কৰে। অৰ্থাৎ ভৱিষ্য নিধিত বছৰি ২.৫ লাখ টকাতকৈ অধিক ধন জমা কৰিলে এতিয়াৰে পৰা তাৰ সুতৰ ওপৰত স্বাভাৱিক হাৰত কৰ আদায় কৰা হ'ব।
যদি কোম্পানীয়ে অৱদানৰ পৰিমাণ বৃদ্ধি কৰে তেতিয়া সুতৰ ওপৰত নালাগে কৰ -নতুন নিয়ম অনুসৰি, ই কেৱল কৰ্মচাৰীসকলে জমা কৰা অৱদানৰ পৰিমাণৰ বাবেহে প্ৰযোজ্য হ'ব। অৰ্থাৎ যদি কোম্পানীৰ পৰা অৱদান বৃদ্ধি কৰা হয় তেতিয়া লাভ কৰা সুত কৰ মুক্ত হ'ব।
২০২১ৰ বাজেটে অনা এই নতুন ব্যৱস্থাই উচ্চ হাৰত উপাৰ্জন কৰা লোকসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব, যিসকলে কৰমুক্ত সুতৰ বাবে ভি পি এফ ব্যৱহাৰ কৰে। ই পি এফ আইনৰ অধীনত কৰ্মচাৰী আৰু কোম্পানীৰ অৱদান মৌলিক দৰমহাৰ ১২ শতাংশ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে কৰ্মচাৰীসকলে স্ব–ইচ্ছাই ভি পি এফত এই পৰিমাণৰ ধনতকৈ অধিক জমা কৰিব পাৰে আৰু তাৰ বাবে কোনো সীমা নাই। কৰ ৰেহাই পাবৰ বাবে এই ভি পি এফৰ ব্যৱহাৰ কৰে বহু কৰ্মচাৰীয়ে।
এক শতাংশ কৰ্মচাৰীৰ ওপৰত পৰিব এই নতুন নিয়মৰ পোনপটীয়া প্ৰভাৱ -কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে ই এক শতাংশতকৈ কম কৰ্মচাৰীক প্ৰভাৱিত কৰিব। ই পি এফত বছৰি ২.৫ লাখতকৈ অধিক অৱদান দিয়া কৰ্মচাৰীৰ সংখ্যা ১ শতাংশতকৈ কম।
কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন (EPFO)ৰ অংশীদাৰৰ সংখ্যা ৬ কোটিতকৈ অধিক। ঘাটি ৰাজহ ক্ষতিপূৰণৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই পদক্ষেপৰ দ্বাৰা বছৰি ২০.৮৩ লাখ টকাতকৈ অধিক উপাৰ্জন কৰা কৰ্মচাৰীসকলকহে প্ৰভাৱিত কৰিব। এই নতুন নিয়মে ভি পি এফত ধন জমাৰ সংখ্যা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 23, 2021, 18:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।