চাকৰিয়ালসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, নতুন বিত্তীয় বৰ্ষত কৰা এই পৰিৱৰ্তনৰ বিষয়ে আপুনি জ্ঞাতনে?

এইটো কেৱল কৰ্মচাৰীৰ অৱদানৰ বাবে প্ৰযোজ্য হ'ব, যি কোম্পানীৰ অৱদানক প্ৰভাৱিত নকৰে।
এইটো কেৱল কৰ্মচাৰীৰ অৱদানৰ বাবে প্ৰযোজ্য হ'ব, যি কোম্পানীৰ অৱদানক প্ৰভাৱিত নকৰে।
- News18 Assam
- Last Updated: April 5, 2021, 4:35 PM IST
অৱশ্যে, এইটো কেৱল কৰ্মচাৰীৰ অৱদানৰ বাবে প্ৰযোজ্য হ'ব, যি কোম্পানীৰ অৱদানক প্ৰভাৱিত নকৰে।
বিগত বছৰৰ বাজেটত, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভৱিষ্য পুঁজি, ৰাষ্ট্ৰীয় পেন্সন প্ৰণালী (NPS)ত নিয়োগকৰ্তাসকলক অৰিহণা দিয়াৰ সিদ্ধান্ত লৈছিল আৰু বছৰি ৭.৫ লাখ টকাতকৈও অধিক অৱসৰ পুঁজি (Superannuation Fund) অনুমোদন কৰিছিল। চলিত বৰ্ষৰ ৫ মাৰ্চত অহা নিয়মবোৰ তৈয়াৰ কৰিবলৈ নৰ্থ ব্লকৰ আয়কৰ কৰ্তৃপক্ষক ১৩ মাহ সময়ৰ প্ৰয়োজন হৈছিল - বিত্তীয় বৰ্ষ বন্ধ হোৱাৰ চাৰি সপ্তাহ আগত।
আগৰ নিয়ম অনুসৰি, EPF, VPF আৰু Exempted Provident Fund Trustৰ সুত আয় কৰৰ পৰা ৰেহাই দিয়া হৈছিল, পিএফৰ অৱদান যিমান বেছি নহলেও দিবলগীয়া হোৱা নাছিল কৰ।
কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়মে উচ্চ-দৰমহাৰ লোকসকলক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব যিসকলে কৰমুক্ত সুদৰ বাবে VPF ব্যৱহাৰ কৰে। পিএফৰ নিয়ম অনুসৰি, কোম্পানীৰ অৱদান মৌলিক দৰমহাৰ ১২ শতাংশ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে, যদি কোনো কৰ্মচাৰীয়ে বিচাৰে, তেওঁ তেওঁৰ অৱদান বৃদ্ধি কৰিব পাৰে। চৰকাৰৰ সিদ্ধান্তই এক শতাংশতকৈ কম কৰ্মচাৰীক প্ৰভাৱিত কৰিব। চৰকাৰে কয় যে ইপিএফত বছৰি ২.৫ লাখতকৈ অধিক অৱদান দিয়া লোকৰ সংখ্যা ১%তকৈ কম।