মুক্তিপালে জুবিন গাৰ্গৰ বহু চৰ্চিত ছবি কাঞ্চনজংঘা। মুক্তিৰ পিছতে এতিয়া দৰ্শকে আদৰি লৈছে ছবিখন। দেওবাৰলৈকে শেষ কাঞ্চনজংঘাৰ টিকট। কিন্তু ছবিখন চোৱাৰ পিছত যদি কোনো লোকে ছবিখনৰ কোনো কোনো দিশ সমালোচনা কৰিছে, সেইসকলক ছচিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য কৰি লৈছে জুবিন গাৰ্গৰ একাংশ অনুৰাগীয়ে।