Source-Youtube Channel Times Music Assamese
বহু কেইটা অভিলেখ ভংগ কৰি কাঞ্চনজংঘাই জিনিলে দশৰ্কৰ হৃদয়!
জুবিন গাৰ্গৰ ব্লকবাষ্টাৰ অসমীয়া ছবি কাঞ্চনজংঘাৰ মেগা হিট ‘পাঞ্চুনা’ ৰ অফিচিয়েল ভিডিঅ মুকলি। ছবিখনৰ প্ৰত্যেক জন দৰ্শকক আবেগিক কৰি তোলা ছবিখনৰ ‘পাঞ্চুনা’ শীৰ্ষক গীতটো ছচিয়েল মিডিয়াত জুবিন গাৰ্গে শ্বেয়াৰ কৰাৰ পিছতে এতিয়া ভাইৰেল হৈছে।
চতুৰ্থ সপ্তাহ পৰ্যন্ত সগৌৰৱেৰে ছবিগৃহত চলিল জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। ছবিখনক উচ্চ প্ৰশংসাও কৰিলে দৰ্শকে। ইতিমধ্যে ছবিখনে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক উপাৰ্জনকাৰী যিকোনো ভাষাৰ ছবি ৰূপে স্বীকৃতি লাভ কৰিবলৈও সক্ষম হয়। অসমীয়া ছবিলৈ ক্ৰমাৎ ঘূৰি অহা সোণালী দিনৰ প্ৰাকক্ষণতে অহা ১১ অক্টোবৰত ছবিগৃহলৈ আহিব অন্য় এখন অসমীয়া বিগ বাজেট ছবি ‘ৰত্নাকৰ’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|