১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ এৱাৰ্ড। বলীউদৰ বহু তাৰকা অভিনেতা–অভিনেত্ৰীয়ে ভৰি পৰিব গুৱাহাটী মহানগৰী। ফিল্মফেয়াৰত উপস্থিত থাকিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, বিশিষ্ট অভিনেতা নিপন গোস্বামী, অভিনেত্ৰী সীমা বিশ্বাস। কিন্তু ফিল্মফেয়াৰত গীত পৰিবেশন নকৰে জুবিন গাৰ্গে। কিন্তু বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, জুবিন গাৰ্গে ফিল্মফেয়াৰত প্ৰদান কৰিব এক বিশেষ বঁটা। কিন্তু কোনটো শিতানত কি বঁটা প্ৰদান কৰিব সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে, অসমৰ প্ৰায় ১৫০ শিল্পীয়ে অংশগ্ৰহণ কৰিব ফিল্মফেয়াৰ অনুষ্ঠানত। প্ৰদৰ্শন কৰা হ’ব অসমৰ বিহু, সত্ৰীয়া আৰু জনগোষ্ঠীয় নৃত্য। নৃত্যত অংশগ্ৰহণ কৰিব অসমৰ দুই অভিনেত্ৰী আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই।