உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • এজাক দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ সৈতে নগাঁৱত ‘কাঞ্চনজংঘা’ উপভোগ কৰিলে জুবিন গাৰ্গে

    এজাক দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ সৈতে নগাঁৱত ‘কাঞ্চনজংঘা’ উপভোগ কৰিলে জুবিন গাৰ্গে

    নগাঁৱৰ কৃষ্ণা চিনেমাত দেওবাৰে জুবিন গাৰ্গে অন্ধ বিদ্যালয়ৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে উপভোগ কৰিলে জনপ্ৰিয় ছবি ‘কাঞ্চনজংঘা’।

    নগাঁৱৰ কৃষ্ণা চিনেমাত দেওবাৰে জুবিন গাৰ্গে অন্ধ বিদ্যালয়ৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে উপভোগ কৰিলে জনপ্ৰিয় ছবি ‘কাঞ্চনজংঘা’।

    নগাঁৱৰ কৃষ্ণা চিনেমাত দেওবাৰে জুবিন গাৰ্গে অন্ধ বিদ্যালয়ৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে উপভোগ কৰিলে জনপ্ৰিয় ছবি ‘কাঞ্চনজংঘা’।

    • Share this:
      নীলোৎপল বৰা : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে পুনৰ দেখুৱালে মহানতা। বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুৰোধ ৰক্ষা কৰি বিদ্যালয়খনৰ ৪০জনকৈ ছাত্ৰ-ছাত্ৰীক কাঞ্চনজংঘা ছবিখন বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিলে জুবিন ফেন ক্লা‍বে। নগাঁৱৰ কৃষ্ণা চিনেমাত দেওবাৰে জুবিন গাৰ্গে অন্ধ বিদ্যালয়ৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে উপভোগ কৰিলে জনপ্ৰিয় ছবি ‘কাঞ্চনজংঘা’।

      ছাত্ৰ-ছাত্ৰী সকলক মিঠাইৰ টোপোলা আৰু লাচিৰ পেকেট উপহাৰ দি জুবিনে কয় যে ভাৰতৰ ছবিজগতত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীয়ে ছবি উপভোগ কৰা উদাহৰণ বিৰল। কাঞ্চনজংঘা কেৱল চাবলৈ মই নিৰ্মাণ কৰা নাই। মই বিচাৰো ‘কাঞ্চনজংঘা’ক সকলোৱে অনুভৱ কৰক আৰু সেয়া আজি বাস্তবায়িত হ'ল।



      উল্লেখযোগ্য যে কৃষ্ণা চিনেমা হলত সমৰ্থকৰ বিপুল উপস্থিতিৰ মাজত জুবিন গাৰ্গে ‘কাঞ্চনজংঘা’ৰ গীত পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটোত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু জুবিন ফেন ক্লাবৰ সদস্যসকলৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল তথা বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ শিক্ষকসকলো উপস্থিত থাকে।



      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
      First published: