কাইলৈ ছবিগৃহলৈ কাঞ্চনজংঘা, ৰাজ্যৰ অধিকাংশ ছবিগৃহতে শেষ টিকট!

News18-Assam
Updated:September 5, 2019, 3:41 PM IST
কাইলৈ ছবিগৃহলৈ কাঞ্চনজংঘা, ৰাজ্যৰ অধিকাংশ ছবিগৃহতে শেষ টিকট!
বক্স অফিচত নতুন অভিলেখ গঢ়াৰ দিশে কাঞ্চনজংঘা!

বক্স অফিচত নতুন অভিলেখ গঢ়াৰ দিশে কাঞ্চনজংঘা!

  • Share this:
‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা’

কাইলৈৰ পৰা ৰাজ্যৰ ছবিগৃহত শুনিবলৈ পোৱা যাব, ‘কাঞ্চনজংঘা’ৰ এই বহু চৰ্চিত সংলাপ।অৰ্থাৎ কাইলৈ ৰাজ্যৰ লগতে দেশৰ অন্যান্য বহু কেইখন ৰাজ্যত মুক্তি লাভ কৰিব  জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’। ছবিখনক লৈ এতিয়া আশাবাদী জুবিন গাৰ্গ। দৰ্শকেও ইতিমধ্যে ছবিখনৰ প্ৰতি দেখুৱাইছে ইতিবাচক সঁহাৰি।



ইতিমধ্যে প্ৰায় শেষ ছবিখনৰ মুক্তিৰ প্ৰথমটো দিনৰ আটাইবোৰ টিকট।গুৱাহাটীৰ লগতে প্ৰায় সকলো জিলাৰে চিত্ৰগৃহ সমূহত এতিয়া দৰ্শকে টিকট বিচাৰি কৰিছে হাহাকাৰ!



ছবিখনে মিছন চাইনাৰ বক্স অফিচ ৰেকৰ্ড ভংগ কৰিব বুলি এতিয়া অনুমান কৰিছে অসমৰ চলচিত্ৰ প্ৰেমীসকলে। উল্লেখ্য যে মিছন চাইনাই  মুক্তিৰ প্ৰথম দিনা প্ৰায় ৪০ লাখ টকাৰ ব্যৱসায় কৰিছিল।

আমাৰ ফালৰ পৰাও থাকিল  কাঞ্চনজংঘালৈ অলেখ শুভকামনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading