মুঠ ১৮৮ টা দৰ্শনীৰে দ্বিতীয় সপ্তাহৰ বাবে সাজু কাঞ্চনজংঘা

News18-Assam
Updated:September 13, 2019, 11:46 AM IST
মুঠ ১৮৮ টা দৰ্শনীৰে দ্বিতীয় সপ্তাহৰ বাবে সাজু কাঞ্চনজংঘা
দ্বিতীয় সপ্তাহত মুঠ ৬১ টা চিত্ৰগৃহত চলিব জুবিন গাৰ্গৰ কাঞ্চনজংঘা

দ্বিতীয় সপ্তাহত মুঠ ৬১ টা চিত্ৰগৃহত চলিব জুবিন গাৰ্গৰ কাঞ্চনজংঘা

  • News18 Assam
  • Last Updated: September 13, 2019, 11:46 AM IST
  • Share this:
মুক্তিৰ প্ৰথম সপ্তাহতে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গ পৰিচালিত আৰু অভিনীত ছবি কাঞ্চনজংঘা এতিয়া সাজু দ্বিতীয় সপ্তাহৰ বাবে। প্ৰথম সপ্তাহত ২.৫৮ কোটি টকাৰ ওপৰত ব্যৱসায় কৰি বক্স অফিচত ইতিমধ্যে ছুপাৰহিট হোৱা ছবিখনে দ্বিতীয় সপ্তাহতো যে দৰ্শকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰিব সেয়া নিশ্চিত।



 

দ্বিতীয় সপ্তাহত ছবিখনে মুঠ ১৮৮ টা দৰ্শনী লাভ কৰিছে।যি অসমীয়া ছবিৰ ক্ষেত্ৰত এক অভিলেখ। উল্লেখযোগ্য যে অসমীয়া বানিজ্যিক ছবিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিলে জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখনে। অসমীয়া ছবিৰ প্ৰতিও এতিয়া আগতকৈ আকৰ্ষিত হোৱা দেখা গৈছে অসম বাসীক। সেইদৰে অহা ১১ অক্টোবৰত মুক্তিলাভ কৰিব অন্য এখন বিগ বাজেট অসমীয়া ছবি ৰত্নাকৰ। কাঞ্চনজংঘাৰ দৰে ৰত্নাকৰো দৰ্শকে আদৰি ল’ব বুলি আশা কৰিছে অভিনেতা যতীন বৰাই।
First published: September 13, 2019, 11:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি