অনুৰাগীৰ হৰ্ষোল্লাসৰ মাজেৰে লখিমপুৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে চলালে কাঞ্জনজংঘাৰ প্ৰচাৰ

সকলোকে অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ। ‘Saaho’ ক দিলে মাত্ৰ এসপ্তাহ সময়!

News18-Assam
Updated:August 30, 2019, 8:10 PM IST
অনুৰাগীৰ হৰ্ষোল্লাসৰ মাজেৰে লখিমপুৰত হাৰ্টথ্ৰৱ জুবিন গাৰ্গে চলালে কাঞ্জনজংঘাৰ প্ৰচাৰ
সকলোকে অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰিবলৈ আহ্বান জুবিন গাৰ্গৰ। ‘Saaho’ ক দিলে মাত্ৰ এসপ্তাহ সময়!
News18-Assam
Updated: August 30, 2019, 8:10 PM IST
কি উজনি কি নামনি, ৰাজ্যৰ চৌদিশে এতিয়া জুবিন গাৰ্গে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে নৱতম ছবি কাঞ্চনজংঘাৰ। ছবিখনৰ  প্ৰতি নৱ প্ৰজন্মৰ উৎসুকতা দেখি এতিয়া অভিভূত হৈ পৰিছে জুবিন গাৰ্গ। শুকুৰবাৰে জুবিন গাৰ্গৰ লগতে  ছবিখনৰ কলা কৌশলী সকলে জুবিন গাৰ্গ পৰিচালিত আৰু অভিনীত কাঞ্চনজংঘা ছবিৰ প্ৰচাৰ চলাই লখিমপুৰ জিলাৰ দুখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ক্ৰমে নৰ্থ লখিমপুৰ কলেজ আৰু উত্তৰ লখিমপুৰ গাৰ্লছ কলেজত।



জুবিন গাৰ্গ আহিব বুলি পুৱাৰ পৰাই দুয়োখন মহাবিদ্য়ালয়তে উদুলি মুদুলি পৰিবেশ। দুপৰীয়া মহাবিদ্যালয় দুখনত জুবিন গাৰ্গ উপস্থিত হোৱাৰ পিছতে মহাবিদ্যালয় দুখনৰ শিক্ষাৰ্থীসকলে আপোন শিল্পীজনক ওচৰৰ পৰা চাবলৈ বৃহত্‍ ভিৰ কৰা পৰিলক্ষিত হয়।নৱতম ছবি কাঞ্চনজংঘা চাবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গে ছবিখনৰ ধুলিকণা শীৰ্ষক গীতো গায়।



প্ৰচাৰ অভিযানত জুবিন গাৰ্গে উল্লেখ কৰে যে, আজি মুক্তি পোৱা দক্ষিণ ভাৰতীয় ছবি Saaho এ মাত্ৰ এসপ্তাহহে আসমৰ চিত্ৰগৃহত চলিব পাৰিব, ৬ তাৰিখে কাঞ্চনজংঘা মুক্তি পোৱাৰ পিছতে জুবিন গাৰ্গৰ হাতত প্ৰভাস পৰাস্ত হ’ব লাগিব’। লগতে জুবিন গাৰ্গে নৱ প্ৰজন্মক অসমীয়া ছবি চাবলৈ অনুৰোধ জনায়। দক্ষিণ ভাৰতত যিদৰে নিজৰ ছবি মুক্তিপালে বলীউডৰ ছবিও আতঁৰি যায়, ঠিক একেই পৰিবেশ অসমতো বিচাৰে বুলিও নিজৰ মন্তব্যত প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি