কাঞ্চনজংঘাৰ পিছত জুবিন গাৰ্গৰ নতুন কমেডী প্ৰধান ছবি ‘অঘাইটং’! শীঘ্ৰে আৰম্ভ হ’ব দৃশ্যগ্ৰহণ

ছবিখনত জুবিন গাৰ্গক এগৰাকী কমেডীয়ান হিচাপে দেখিব দৰ্শকে!

News18-Assam
Updated:October 20, 2019, 3:04 PM IST
কাঞ্চনজংঘাৰ পিছত জুবিন গাৰ্গৰ নতুন কমেডী প্ৰধান ছবি ‘অঘাইটং’! শীঘ্ৰে আৰম্ভ হ’ব দৃশ্যগ্ৰহণ
ছবিখনত জুবিন গাৰ্গক এগৰাকী কমেডীয়ান হিচাপে দেখিব দৰ্শকে!
News18-Assam
Updated: October 20, 2019, 3:04 PM IST
কাঞ্চনজংঘাৰ সফলতাৰ পিছত জুবিন গাৰ্গে পৰিকল্পনা কৰিছে এখন নতুন অসমীয়া ছবি। এইবাৰ কমেডীয়ান ৰূপত দেখা যাব জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক। জুবিন গাৰ্গে এইবাৰ নিৰ্মাণ কৰিব ‘অঘাইটং’ নামেৰে এখন হাস্যমধুৰ ছবি। বৰ্তমান প্ৰাৰম্ভিক কাম কাজ চলি থকা ছবিখনৰ দৃশ্যগ্ৰহণ অতিশীঘ্ৰে আৰম্ভ হ’ব বুলি জনাইছে জুবিন গাৰ্গে।

সেইদৰে জুবিন গাৰ্গে বাঘ আৰু জুলু নামেৰে অন্য দুখন ছবিৰো পৰিকল্পনা কৰি আছে বুলি জানিবলৈ দিয়ে। বৰ্তমান ছবিগৃহত চলি থকা যতীন বৰাৰ ৰত্নাকৰ ছবিখন দৰ্শকে আদৰি লোৱাৰ বাবেও অসমবাসীক ধন্যবাদ জনাই জুবিন গাৰ্গে।
আৰু চাওক পৰৱৰ্তী বাতৰি