বলীউদ এৰাৰ সিদ্ধান্ত মোহময়ী অভিনেত্ৰী জায়ৰা ৱাছিমৰ, কিহৰ বাবে?

কম সময়তে আমিৰ খান, প্ৰিয়ংকা চোপ্ৰাৰ দৰে তাৰকাৰ সৈতে কাম কৰাৰ সুবিধা পাইছে জায়ৰাই।

News18-Assam
Updated:June 30, 2019, 12:43 PM IST
বলীউদ এৰাৰ সিদ্ধান্ত মোহময়ী অভিনেত্ৰী জায়ৰা ৱাছিমৰ, কিহৰ বাবে?
কম সময়তে আমিৰ খান, প্ৰিয়ংকা চোপ্ৰাৰ দৰে তাৰকাৰ সৈতে কাম কৰাৰ সুবিধা পাইছে জায়ৰাই।
News18-Assam
Updated: June 30, 2019, 12:43 PM IST
আমিৰ খানৰ সৈতে ‘ডংগল’ত এক সুন্দৰ আৰম্ভণি কৰা অভিনেত্ৰী জায়ৰা ৱাছিমে বলীউদ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জায়ৰাই ছচিয়েল মিডিয়াত এক দীঘলীয়া পোষ্ট কৰি কয় যে তেওঁ বলীউদ এৰাৰ সিদ্ধান্ত লৈছে। জায়ৰাৰ এই পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে, কাৰণ জায়ৰাৰ কেৰিয়াৰ বৰ্তমান অতি সুন্দৰভাৱে চলিছে। কম সময়তে আমিৰ খান, প্ৰিয়ংকা চোপ্ৰাৰ দৰে তাৰকাৰ সৈতে কাম কৰাৰ সুবিধা পাইছে জায়ৰাই। কিন্তু হঠাৎ তেওঁৰ এই সিদ্ধান্তই অনুৰাগীসকলক হতচকিত কৰি তুলিছে।

জায়ৰাই নিজৰ পোষ্টত লিখিছে – ৫ বছৰ পূৰ্বে মই যি সিদ্ধান্ত লৈছিলো, সেই সিদ্ধান্তই মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰিছিল। মই বলীউদত খোজ দিয়াৰ পিছতে ভাগ্যৰ দুৱাৰ খোল খাইছিল। মই জনতাৰ সমৰ্থন পাবলৈ ধৰিলো। মোক এক ৰোল মডেলৰ দৰে চাবলৈ ধৰিলে, কিন্তু মই এয়া বিচৰা নাছিলো। এতিয়া মোৰ ছবি জগতত ৫ বছৰ হৈছে। মই এই কথা স্বীকাৰ কৰো মই নিজৰ এই চিনাকি আৰু কামক লৈ সন্তুষ্ট নহয়। দীঘলীয়া সময়ৰ পৰা কাম কৰি মোৰ
এনেকুৱা অনুভৱ হৈছে যে মই আন কিবা হ’বলৈহে সংগ্ৰাম কৰি আহিছো।

জায়ৰাই লিখিছে – এই ক্ষেত্ৰখনত মই বহু মৰম, সংগ আৰু প্ৰশংসা পালো, কিন্তু ইয়ে মোক অজ্ঞানতাৰ দিশলৈও লৈ গৈ আছিল। মোক মোৰ বিশ্বাসৰ পৰা আঁতৰাই নিছে। ধৰ্মৰ সৈতে মোৰ সম্পৰ্কত জটিলতা আনিছে। মোৰ অনুভৱ, মই এইক্ষেত্ৰত ফিট যদিও মই যেন এইখন ক্ষেত্ৰৰ বাবে নহয়। মই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছো যে মই এই ক্ষেত্ৰৰ সৈতে নিজকে পৃথক কৰাৰ সিদ্ধান্ত লৈছো।
আৰু চাওক পৰৱৰ্তী বাতৰি