হেক হোৱা নাছিল জায়ৰা ৱাছিমৰ একাউণ্ট, স্পষ্ট কৰিলে ডংগল গাৰ্লে

ইয়াৰ পূৰ্বে জায়ৰাৰ মেনেজাৰ তুহিন মিশ্ৰয়ো এক মন্তব্য কৰিছিল। তেওঁ কৈছিল যে জায়ৰাৰ একাউণ্ট হেক হোৱা নাই। ধৰ্মৰ বাবে জায়ৰাই বলীউদ এৰাৰ সিদ্ধান্ত নিজেই লৈছে।

News18-Assam
Updated:July 1, 2019, 6:48 PM IST
হেক হোৱা নাছিল জায়ৰা ৱাছিমৰ একাউণ্ট, স্পষ্ট কৰিলে ডংগল গাৰ্লে
ইয়াৰ পূৰ্বে জায়ৰাৰ মেনেজাৰ তুহিন মিশ্ৰয়ো এক মন্তব্য কৰিছিল। তেওঁ কৈছিল যে জায়ৰাৰ একাউণ্ট হেক হোৱা নাই। ধৰ্মৰ বাবে জায়ৰাই বলীউদ এৰাৰ সিদ্ধান্ত নিজেই লৈছে।
News18-Assam
Updated: July 1, 2019, 6:48 PM IST
মোহময়ী অভিনেত্ৰী জায়ৰা ৱাছিমে শেহতীয়াকৈ ছচিয়েল মিডিয়াত এক দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি বলীউদ ত্যাগ কৰাৰ ঘোষণা কৰিছিল। অভিনেত্ৰীগৰাকীয়ে লিখিছিল যে এই ক্ষেত্ৰখনত মই বহু মৰম, সংগ আৰু প্ৰশংসা পালো, কিন্তু ইয়ে মোক অজ্ঞানতাৰ দিশলৈও লৈ গৈ আছিল। মোক মোৰ বিশ্বাসৰ পৰা আঁতৰাই নিছে। ধৰ্মৰ সৈতে মোৰ সম্পৰ্কত জটিলতা আনিছে। মোৰ অনুভৱ, মই এইক্ষেত্ৰত ফিট যদিও মই যেন এইখন ক্ষেত্ৰৰ বাবে নহয়।

জায়ৰাৰ এই পোষ্টৰ পিছতে ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল খলকনি। ইয়াৰ এদিন পিছতে একাংশ সংবাদমাধ্যমত জায়ৰাৰ একাউণ্ট হেক হোৱা বুলি ওলাইছিল। হেকাৰে কৰিছিল জায়ৰাৰ বলীউদ এৰাৰ পোষ্ট। কিন্তু এতিয়া ঘটনাই আকৌ মোৰ সলাইছে। এই খবৰক লৈ স্পষ্টীকৰণ দিছে অভিনেত্ৰীগৰাকীয়ে।



টুইটাৰযোগে জায়ৰাই কয় – মই এয়া স্পষ্ট কৰিব বিচাৰিছো যে মোৰ কোনো ছচিয়েল মিডিয়াৰ একাউণ্ট হেক হোৱা নাই। সকলো একাউণ্ট মই নিজেই চাওঁ। অনুগ্ৰহ কৰি কোনো খবৰৰ ওপৰত বিশ্বাস নকৰিব আৰু এনেকুৱা খবৰ প্ৰচাৰ নকৰিব।



ইয়াৰ পূৰ্বে জায়ৰাৰ মেনেজাৰ তুহিন মিশ্ৰয়ো এক মন্তব্য কৰিছিল। তেওঁ কৈছিল যে জায়ৰাৰ একাউণ্ট হেক হোৱা নাই। ধৰ্মৰ বাবে জায়ৰাই বলীউদ এৰাৰ সিদ্ধান্ত নিজেই লৈছে। এটা নিউজ এজেঞ্চীক দিয়া মন্তব্যত মেনেজাৰ মিশ্ৰই কৈছিল যে একাউণ্ট হেক হোৱাৰ খবৰ মিছা।
আৰু চাওক পৰৱৰ্তী বাতৰি