ছলমান খানৰ ‘Bigg boss’ত অংশগ্ৰহণ কৰিব নেকি ‘হালধীয়া শাৰীৰ’ পলিং বিষয়াই ?

নিজৰ সৌন্দৰ্য্যতাৰ বাবে এতিয়া ছচিয়েল মি়ডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে লক্ষ্ণৌৰ এইগৰাকী মহিলাই। নিৰ্বাচনৰ সময়ত এখন ফটোৱে জনপ্ৰিয় হৈ পৰা ৰীণা দ্বিৱেদীয়ে এতিয়া নিজৰ এই জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ কৰিছে নতুন নতুন চিন্তা–চৰ্চা ।

news18assam
Updated:May 16, 2019, 3:50 PM IST
ছলমান খানৰ ‘Bigg boss’ত অংশগ্ৰহণ কৰিব নেকি ‘হালধীয়া শাৰীৰ’ পলিং বিষয়াই ?
নিজৰ সৌন্দৰ্য্যতাৰ বাবে এতিয়া ছচিয়েল মি়ডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে লক্ষ্ণৌৰ এইগৰাকী মহিলাই। নিৰ্বাচনৰ সময়ত এখন ফটোৱে জনপ্ৰিয় হৈ পৰা ৰীণা দ্বিৱেদীয়ে এতিয়া নিজৰ এই জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ কৰিছে নতুন নতুন চিন্তা–চৰ্চা ।
news18assam
Updated: May 16, 2019, 3:50 PM IST
চলিত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত চৰ্চালৈ অহা এগৰাকী সুন্দৰী পলিং বিষয়া , নাম ৰীণা দ্বিৱেদী । নিজৰ সৌন্দৰ্য্যতাৰ বাবে এতিয়া ছচিয়েল মি়ডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে লক্ষ্ণৌৰ এই মহিলা গৰাকীয়ে । লক্ষ্ণৌৰ গড়কাপ্তানী বিভাগত কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত ৰীণা দ্বিৱেদীৰ এখন ফটোৱে এতিয়া ছচিয়েল মিডিয়াত লগাইছে  তোলপাৰ । প্ৰতিদিনে ছচিয়েল মিডিয়াত বৃদ্ধি পাইছে Followerৰ সংখ্যা ।



নিৰ্বাচনৰ সময়ত এখন ফটোৱে জনপ্ৰিয় হৈ পৰা মহিলা গৰাকীয়ে এতিয়া নিজৰ এই জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবলৈ কৰিছে নতুন নতুন চিন্তা–চৰ্চা । যদি সুবিধা পাই তেন্তে ছলমান খানে পৰিচালনা কৰা জনপ্ৰিয় ৰিয়েলীটি শ্ব’ ‘Bigg boss’ৰ পৰৱৰ্তী ছিজনত অংশগ্ৰহণ কৰিবলৈ এতিয়া মন মেলিছে এই সুন্দৰী মহিলা গৰাকীয়ে । ৰীণাৰ মন্তব্য অনুসৰি পৰিয়ালেও বিগবছত অংশগ্ৰহণৰ বাবে মহিলা গৰাকীক দিছে পূৰ্ণ সমৰ্থন ।



ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো খনত ৰীণা দ্বিবেদীয়ে এখন হালধীয়া ৰঙৰ শাৰী পৰিধান কৰিছিল । ভোটকেন্দ্ৰটোত ৰীণাৰ এগৰাকীয়ে সহকৰ্মীয়ে  ৰীণাৰ ফটো আপলোড কৰিছিল ছচিয়েল মিডিয়াত । আপলোড কৰাৰ পিছতেই ছচিয়েল মিডিয়াত তোলপাৰ লগাইছিল ফটোখনে ।



ছচিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত এতিয়া নিজৰ পুত্ৰৰ আচৰণেও মহিলা গৰাকীক আচৰিত কৰি তুলিছে । পুত্ৰৰ বন্ধুক ভিডিঅ’কল কৰি এতিয়া নিজ সন্তানৰ মাক হোৱাৰ প্ৰমাণ দিব লগীয়া হৈছে ৰীণা দ্বিৱেদীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি