হালধীয়া শাৰীৰে জনপ্ৰিয় হোৱা পলিং বিষয়ালৈ আহিল চিনেমাৰ Offer !

গড়কাপ্তানী বিভাগৰ কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত লক্ষ্ণৌৰ এইগৰাকী কৰ্মচাৰীয়ে এতিয়া ছচিয়েল মিডিয়াত লগাইছে তোলপাৰ । নিজৰ পুত্ৰৰ আচৰণেও এতিয়া মহিলা গৰাকীক কৰিছে আচৰিত !

News18-Assam
Updated:May 15, 2019, 2:21 PM IST
হালধীয়া শাৰীৰে জনপ্ৰিয় হোৱা পলিং বিষয়ালৈ আহিল চিনেমাৰ Offer !
গড়কাপ্তানী বিভাগৰ কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত লক্ষ্ণৌৰ এইগৰাকী কৰ্মচাৰীয়ে এতিয়া ছচিয়েল মিডিয়াত লগাইছে তোলপাৰ । নিজৰ পুত্ৰৰ আচৰণেও এতিয়া মহিলা গৰাকীক কৰিছে আচৰিত !
News18-Assam
Updated: May 15, 2019, 2:21 PM IST
হালধীয়া শাৰীৰে জনপ্ৰিয় হোৱা পলিং বিষয়ালৈ আহিল চিনেমাৰ Offer !  ছচিয়েল মিডিয়াতো এতিয়া নিতৌ বৃদ্ধি পাইছে  Followerৰ সংখ্যা ! ছচিয়েল মিডিয়াত এনেদৰে জনপ্ৰিয় হোৱা মহিলাগৰাকীৰ নাম ৰীণা দ্বিৱেদী । গড়কাপ্তানী বিভাগৰ কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত লক্ষ্ণৌৰ এইগৰাকী কৰ্মচাৰীয়ে এতিয়া ছচিয়েল মিডিয়াত লগাইছে তোলপাৰ।

হাতত ইভিএম লৈ লক্ষ্ণৌৰ এটা ভোটকেন্দ্ৰত প্ৰৱেশ কৰা সময়ত মহিলা গৰকীৰ ফটো উঠাই ছচিয়েল মিডিয়াত আপলোড কৰিছিল ভোটকেন্দ্ৰটোত কৰ্মৰত অন্য এগৰাকী বিষয়াই ।ছচিয়েল মিডিয়াত ফটো আপলোড কৰাৰ লগে লগেই  ভাইৰেল হৈ পৰে  পলিং বিষয়া গৰাকীৰ ফটোখন ।


ৰীণা দ্বিৱেদীৰ ঘৰ উত্তৰ প্ৰদেশৰ দেউৰায় জিলাত । ২০১৩ চনৰ পৰা লক্ষ্ণৌৰ গড়কাপ্তানী বিভাগত কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত অৱস্থাত আছে মহিলাগৰাকীয়ে । নিজৰ ফটো এনেদৰে ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত মহিলাগৰাকীয়ে কয় যে ২০১৪ৰ লোকসভা নিৰ্বাচন আৰু ২০১৭ চনত উত্তৰ প্ৰদেশত হোৱা বিধানসভা নিৰ্বাচনতো তেওঁ নিৰ্বাচনৰ ডিউটি কৰিছিল ।

কিন্তু চলিত বৰ্ষৰ নিৰ্বাচনৰ ডিউটি কৰি থাকোতে তেওঁক এখন ফটোৱে জনপ্ৰিয় কৰি তুলিলে । এতিয়া ৰাস্তাৰে গৈ থাকিলে বা নিজৰ কাৰ্য়ালয়ত থাকোতেও বহুলোকে তেওঁৰ সৈতে ছেলফী উঠিবলৈ আহে । এনেদৰে এটা নিশাৰ ভিতৰতে লাভ কৰা জনপ্ৰিয়তাই এতিয়া মাজে সময়ে ৰীণা দ্বিৱেদীক ব্যতিব্যস্ত কৰি তুলিছে ।


ছচিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত এতিয়া নিজৰ পুত্ৰৰ আচৰণেও মহিলা গৰাকীক আচৰিত কৰি তুলিছে । পুত্ৰৰ বন্ধুক ভিডিঅ’কল কৰি এতিয়া নিজ সন্তানৰ মাক হোৱাৰ প্ৰমাণ দিব লগীয়া হৈছে ৰীণা দ্বিৱেদীয়ে।



বৰ্তমান গড়কাপ্তানী বিভাগত কৰ্মৰত মহিলা গৰাকীয়ে ইয়াৰ আগতে এটা ইঞ্চুৰেন্স প্ৰতিষ্ঠানত কাম কৰিছিল । নিজৰ শৰীৰৰ প্ৰতিও সদায় সজাগ মহিলা গৰাকী । এনেদৰে ছচিয়েল মিডিয়াত নিজৰ সৌন্দৰ্যৰ বাবে চৰ্চা লাভ কৰাৰ পিছত এতিয়া ৰীণালৈ আহিছে ভোজপুৰী  ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ !
আৰু চাওক পৰৱৰ্তী বাতৰি