মহিলাক কাম দিয়াৰ নামত চাবলৈ বাধ্য কৰাইছিল Adult Video, বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰৰ বিৰুদ্ধে অভিযোগ

News18 Assam | News18-Assam
Updated:January 28, 2020, 11:15 AM IST
মহিলাক কাম দিয়াৰ নামত চাবলৈ বাধ্য কৰাইছিল Adult Video, বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰৰ বিৰুদ্ধে অভিযোগ
মহিলা কৰিঅ’গ্ৰাফাৰ গৰাকীৰ অভিযোগ – গণেশ আচাৰ্যই বলপূৰ্বকভাৱে তেওঁৰ সৈতে এডাল্ট ভিডিঅ’ চাবলৈ বাধ্য কৰাইছিল।

মহিলা কৰিঅ’গ্ৰাফাৰ গৰাকীৰ অভিযোগ – গণেশ আচাৰ্যই বলপূৰ্বকভাৱে তেওঁৰ সৈতে এডাল্ট ভিডিঅ’ চাবলৈ বাধ্য কৰাইছিল।

  • Share this:
বলীউদৰ এগৰাকী জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলা কৰিঅ’গ্ৰাফাৰে। কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে মহিলা কৰিঅ’গ্ৰাফাৰগৰাকীয়ে। মহিলা কৰিঅ’গ্ৰাফাৰ গৰাকীৰ অভিযোগ – গণেশ আচাৰ্যই বলপূৰ্বকভাৱে তেওঁৰ সৈতে এডাল্ট ভিডিঅ’ চাবলৈ বাধ্য কৰাইছিল।

সংবাদ প্ৰতিষ্ঠান এ এন আইৰ মতে, মুম্বাইত ৩৩ বছৰীয়া এগৰাকী মহিলা কৰিঅ’গ্ৰাফাৰে ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন কৰিঅ’গ্ৰাফাৰ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক গণেশ আচাৰ্যৰ বিৰুদ্ধে মহিলা আয়োগ আৰু অম্বোলী আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে।

মহিলা কৰিঅ’গ্ৰাফাৰগৰাকীৰ অভিযোগ – গণেশ আচাৰ্যই তেওঁক কাম লাভ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। তেওঁ কামৰ বিনিময়ত কমিচন বিচাৰে আৰু লগতে এডাল্ট ভিডিঅ’ চাবলৈ বাধ্য কৰায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি