• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Abhishek-Karishma: সকলো প্ৰস্তুতিৰ পিছতো কিয় অভিষেকৰ সৈতে বিয়া ভাঙিছিল কৰিশ্মাৰ? এই বিবাহক লৈ কি আপত্তি আছিল কৰিশ্মাৰ মাতৃৰ?

Abhishek-Karishma: সকলো প্ৰস্তুতিৰ পিছতো কিয় অভিষেকৰ সৈতে বিয়া ভাঙিছিল কৰিশ্মাৰ? এই বিবাহক লৈ কি আপত্তি আছিল কৰিশ্মাৰ মাতৃৰ?

কৰিশ্মা আৰু অভিষেকৰ বিয়াক লৈ নানা ধৰণৰ অপপ্ৰচাৰ চলিছিল ৷ অমিতাভ বচ্চনৰ জন্মদিনত বিবাহ সম্বন্ধে আনুষ্ঠানিক ঘোষণা হৈছিল যদিও কথাবো?

কৰিশ্মা আৰু অভিষেকৰ বিয়াক লৈ নানা ধৰণৰ অপপ্ৰচাৰ চলিছিল ৷ অমিতাভ বচ্চনৰ জন্মদিনত বিবাহ সম্বন্ধে আনুষ্ঠানিক ঘোষণা হৈছিল যদিও কথাবো?

কৰিশ্মা আৰু অভিষেকৰ বিয়াক লৈ নানা ধৰণৰ অপপ্ৰচাৰ চলিছিল ৷ অমিতাভ বচ্চনৰ জন্মদিনত বিবাহ সম্বন্ধে আনুষ্ঠানিক ঘোষণা হৈছিল যদিও কথাবো?

  • Share this:
চুপাৰষ্টাৰ তথা বিগ বি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ অভিষেক বচ্চন আৰু কাপুৰ পৰিয়ালৰ কন্যা কৰিশ্মা কাপুৰৰ বিবাহ সম্পন্ন নোহোৱাৰ কাৰণটো আজিও ৰহস্যজনক হৈয়ে আছে । চলচ্চিত্ৰ উদ্যোগৰ দুয়োটা প্ৰতিষ্ঠিত তথা প্ৰখ্যাত পৰিয়ালৰ মাজৰ সম্পৰ্ক আগবাঢ়িছিল যদিও পৰৱৰ্তী সময়ত এয়া সম্পূৰ্ণ নহ'ল।

কৰিশ্মা আৰু অভিষেকৰ বিয়াক লৈ নানা তৰহৰ অপপ্ৰচাৰ চলিছিল৷ অমিতাভ বচ্চনৰ জন্মদিনত বিবাহ সম্বন্ধে আনুষ্ঠানিক ঘোষণা কৰা হৈছিল যদিও কথাবোৰ আৰু আগ নাবাঢ়িল৷ মানুহে আজিও জানিব বিচাৰে যে অভিষেক আৰু কৰিশ্মাৰ বিয়াৰ ক্ষেত্ৰত ইমানখিনি আগবঢ়াৰ পিছতো কিয় এয়া সম্পন্ন হৈ নুঠিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অমিতাভ বচ্চনৰ ৬০ সংখ্যক জন্মদিন উদযাপনৰ অনুষ্ঠানতে কাপুৰ পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপনৰ কথা চৰ্চা হৈছিল। এই অনুষ্ঠানতে অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰৰ বিবাহ সম্পৰ্কে আনুষ্ঠানিক ঘোষণা কৰা হৈছিল। কিন্তু কেইদিনমানৰ পিছত খবৰ পোৱা গৈছিল যে এই বিয়াখন অনুষ্ঠিত নহ'ল। বলীউডৰ দুয়োটা কিংবদন্তী পৰিয়ালৰ মাজৰ সম্পৰ্ক স্থাপন সন্দৰ্ভত যিমান চৰ্চা চলিছিল তাতকৈ অধিক চৰ্চা চলিছিল দুয়োটা পৰিয়ালৰ মাজৰ সম্পৰ্ক গঢ়ি নুঠা বিষয়ত। এই বিয়া ভাঙি যোৱা সন্দৰ্ভত বহুতো কথা বিয়পি পৰিছিল। বিয়াখন সম্পন্ন হৈ নুঠাৰ বাবে সংবাদ মাধ্যমত কৰিশ্মাৰ মাতৃ ববিতাৰ বিষয়েও বহু আলোচনা হৈছিল।

অভিষেক বচ্চনে যি সময়ত বলীউডত নিজৰ পৰিচয় গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল সেই সময়ত কিন্তু বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল কৰিশ্মা কাপুৰ। কোৱা হয় যে, যেতিয়া কৰিশ্মা কাপুৰ অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বোৱাৰী হোৱা কথাটো নিশ্চিত হৈছিল তেতিয়া কৰিশ্মাৰ মাতৃ ববিতাই বিগ বিৰ সমুখত এটা চৰ্ত ৰাখিছিল। নিজৰ ছোৱালীক অশেষ কষ্টৰ বলত বলীউডত সফল কৰি তোলা ববিতাই কৰিশ্মাৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছিল।

এই কথা সকলোৱে জানে যে অমিতাভ বচ্চন এসময়ত অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অমিতাভ বচ্চনৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ববিতাই চৰ্ত দিছিল যে বচ্চন পৰিয়ালৰ সম্পত্তিৰ ক্ষেত্ৰত অভিষেক বচ্চনৰ অংশ প্ৰথমেই ভগাই দিয়া হওক। ববিতাৰ এই কথাটো বচ্চন পৰিয়ালে ভাল পোৱা নাছিল। এনেদৰেই অভিষেক আৰু কৰিশ্মাৰ বিবাহৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠাৰ পাছতো বিচ্ছেদ ঘটিছিল।
First published: