ৰোহিত শৰ্মাৰ জীৱনলৈ অহা এইগৰাকী অভিনেত্ৰী এতিয়াও নাৰাজ!

৯ বছৰৰ আগত ৰোহিত শৰ্মাৰ জীৱনলৈ আহিছিল এগৰাকী ব্ৰিটিছ অভিনেত্ৰী! সেই সময়ত ৰোহিত শৰ্মা আৰু ব্ৰিটিছ অভিনেত্ৰীগৰাকীৰ সম্পৰ্কক লৈ সৃষ্টি হৈছিল ব্যাপক চৰ্চা।

news18assam
Updated:June 6, 2019, 5:13 PM IST
ৰোহিত শৰ্মাৰ জীৱনলৈ অহা এইগৰাকী অভিনেত্ৰী এতিয়াও নাৰাজ!
৯ বছৰৰ আগত ৰোহিত শৰ্মাৰ জীৱনলৈ আহিছিল এগৰাকী ব্ৰিটিছ অভিনেত্ৰী! সেই সময়ত ৰোহিত শৰ্মা আৰু ব্ৰিটিছ অভিনেত্ৰীগৰাকীৰ সম্পৰ্কক লৈ সৃষ্টি হৈছিল ব্যাপক চৰ্চা।
news18assam
Updated: June 6, 2019, 5:13 PM IST
বিশ্বকাপত ভাৰতৰ প্ৰথমখন মেচৰ জয়ৰ নায়ক ৰোহিত শৰ্মা এতিয়া বিবাহিত। এগৰকী কণমানী কণ্যা সন্তানো আছে ‘হিট মেন’ খ্যাত ৰোহিতৰ। কিন্তু এতিয়া ৰোহিতৰ পুৰণি এক প্ৰেমকলৈ আকৌ চৰ্চা চলিছে ছচিয়েল মিডিয়াত। ৯বছৰ আগতে ৰোহিত শৰ্মাৰ এগৰাকী ব্ৰিটিছ অভিনেত্ৰীৰ লগতে আছিল প্ৰেমৰ সম্পৰ্ক!



কিন্তু অভিনেত্ৰীগৰকীৰ লগতে ৰোহিত শৰ্মাৰ সম্পৰ্ক ছেদ হোৱাৰ পিছত ৰোহিতৰ ভাৱমুৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু কিয় ৰোহিত শৰ্মাৰ প্ৰতি ইমান নাৰাজ হৈছিল ব্ৰিটিছ অভিনেত্ৰীগৰাকী? ঘটনাটো আজিৰ পৰা ৮,৯ বছৰৰ আগৰ। সেইসময়ত ৰোহিত শৰ্মাক সেই অভিনেত্ৰীগৰকীৰ লগত প্ৰায়ে একেলগে দেখা গৈছিল। এই অভিনেত্ৰীগৰকীয়ে দুই এখন বলিউডৰ ছবিটো অভিনয় কৰিছিল। অভিনেত্ৰী গৰকীয়ে বহুকেইটা জনপ্ৰিয় গীতটো কৰিছিল কণ্ঠদান।



কোন আছিল এইগৰাকী অভিনেত্ৰী

৯ বছৰৰ আগতে ৰোহিতৰ প্ৰেমত পৰা এইগৰাকী অভিনেত্ৰীৰ নাম ছোফিয়া মাৰীয়া হয়াট। ২০১০ চনৰ পিছতেই ৰোহিতৰ লগত প্ৰায়ে একেলগে দেখা পোৱা গৈছিল ছোফিয়াক।



একিলগে দুয়ো হোটেলতো সহবাস কৰিছিল বুলি চলিছিল চৰ্চা! সেইসময়ত খেলপথাৰত সময় দিব নোৱাৰাৰ ফলত ৰোহিতৰ  প্ৰদৰ্শন লাহে লাহে বেয়া হৈ আহিছিল। ফলত কেৰিয়াত উত্তৰণ ঘটাবলৈ যাওতেই ফাট মেলে ৰোহিত আৰু ছোফিয়াৰ সম্পৰ্ক। ৰোহিতৰ লগত প্ৰেম বিফল হোৱাৰ পিছতেই ৰোহিতৰ ওপৰত নাৰাজ হৈ পৰে ব্ৰিটিছ অভিনেত্ৰীগৰকী। আৰু আচৰ্যজনক ভাৱে টুইটাৰৰ জৰিয়তে বিৰাট কোহলীক প্ৰশংসা কৰে ছোফিয়াই।

আৰু চাওক পৰৱৰ্তী বাতৰি