কেতিয়া গুৱাহাটী পাবহি শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰ? থাকিব কোনখন হোটেলত?

News18 Assam | News18-Assam
Updated:February 12, 2020, 3:36 PM IST
কেতিয়া গুৱাহাটী পাবহি শ্বাহৰুখ খান আৰু অক্ষয় কুমাৰ? থাকিব কোনখন হোটেলত?
Source-Google

বলীউদৰ ৰথী–মহাৰথীৰে ৰঙীণ হৈ পৰিব গুৱাহাটী!

  • Share this:
বলীউদৰ ৰথী–মহাৰথীৰে ৰঙীণ হৈ পৰিব গুৱাহাটী! অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব বলীউদৰ মেগা এৱাৰ্ড শ্ব ‘ফিল্ম ফেয়াৰ।’ ইতিমধ্যে ৰাজ্যৰ পৰ্যটন বিভাগে মুকলি কৰিছে বলীউদৰ অভিনেতা–অভিনেত্ৰীয়ে অভিনয় কৰা কেইবাটাও প্ৰ’ম। এতিয়া সকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন কেতিয়া গুৱাহাটীত উপস্থিত হ’বহি বলীউদৰ তাৰকা অভিনেতা–অভিনেত্ৰীসকল। ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত ছলমান খান উপস্থিত নাথাকে বুলি ইতিমধ্যে চলিছে চৰ্চা।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰৰ আটাইকেইখন বিলাসী হোটেলত ইতিমধ্যে বলীউদৰ অভিনেতা–অভিনেত্ৰীসকলৰ বাবে বুক কৰা হৈছে কোঠা। ১৪ তাৰিখে গুৱাহাটীত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান উপস্থিত হোৱাৰ সম্ভাৱনা আছে। চাৰ্টাড বিমানেৰে গুৱাহাটীলৈ আহিবলগীয়া শ্বাহৰুখ খান থকাৰ সম্ভাৱনা আছে হোটেল তাজ ভিভাণ্টাত। খবৰ অনুসৰি শ্বাহৰুখ খান দুদিন থাকিব গুৱাহাটীত।

অভিনেতা অক্ষয় কুমাৰো ১৪ তাৰিখ বা ১৫ তাৰিখে দিনৰ ভাগত গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ গুৱাহাটীৰ হোটেল নভোটেলত থকাৰ সম্ভাৱনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি