• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Entertainment : মুক্তিৰ প্ৰাকমুহূৰ্তত বিতৰ্কত সোমাই পৰিল The Family Man 2 । ৱেব ছিৰিজখন নিষিদ্ধ কৰাৰ দাবী ৰাজ্যসভাৰ সাংসদৰ।

Entertainment : মুক্তিৰ প্ৰাকমুহূৰ্তত বিতৰ্কত সোমাই পৰিল The Family Man 2 । ৱেব ছিৰিজখন নিষিদ্ধ কৰাৰ দাবী ৰাজ্যসভাৰ সাংসদৰ।

মনোজ বাজপেয়ী অভিনীত ৱেব চিৰিজ 'দ্য ফেমিলি মেন' (The Family Man)ৰ প্ৰথম অংশৰ সফলতাৰ পিছত নিৰ্মাতাসকলে দ্বিতীয় অংশ মুকলি কৰিব ওলাইছে।

মনোজ বাজপেয়ী অভিনীত ৱেব চিৰিজ 'দ্য ফেমিলি মেন' (The Family Man)ৰ প্ৰথম অংশৰ সফলতাৰ পিছত নিৰ্মাতাসকলে দ্বিতীয় অংশ মুকলি কৰিব ওলাইছে।

মনোজ বাজপেয়ী অভিনীত ৱেব চিৰিজ 'দ্য ফেমিলি মেন' (The Family Man)ৰ প্ৰথম অংশৰ সফলতাৰ পিছত নিৰ্মাতাসকলে দ্বিতীয় অংশ মুকলি কৰিব ওলাইছে।

  • Share this:
মনোজ বাজপেয়ী (Manoj Bajpayee) অভিনীত ৱেব ছিৰিজ 'দ্য ফেমিলি মেন' (The Family Man)ৰ প্ৰথম অংশৰ সফলতাৰ পিছত নিৰ্মাতাসকলে দ্বিতীয় অংশ মুকলি কৰিব ওলাইছে। ইয়াৰ ঘোষণা কৰাৰ পিছৰে পৰা অনুৰাগীসকলে চিৰিজটোৰ দ্বিতীয় চিজনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ছিৰিজটোৰ ট্ৰেইলাৰ আজি মুকলি কৰা হৈছে যিটো দৰ্শকে ভাল পাইছে। একে সময়তে, ছিৰিজটো আইনী মেৰপাকত পৰা যেন লাগিছে।

ৰাজ্যসভাৰ সাংসদ ভাইকোৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰলৈ এখন পত্ৰ যোগে অ’টিটি (OTT) প্লেটফৰ্মত মুক্তি পাবলগীয়া ৱেব ছিৰিজ 'দ্য ফেমিলি মেন ২'ৰ ওপৰত সোনকালে নিষেধাজ্ঞা বিচাৰিছে। ভাইকোৰ মতে, তামিল এলম ৱাৰিয়ৰ্ছৰ বলিদানক সন্ত্ৰাসবাদী কাৰ্যকলাপ হিচাপে ভুলকৈ উপস্থাপন কৰা হৈছে। তামিল অভিনেত্ৰী সামান্থাক পাকিস্তানীৰে সম্পৰ্ক ৰক্ষাকাৰী সন্ত্ৰাসবাদী হিচাপে উপস্থাপন কৰা হৈছে। এইটোৱে তামিলসকলৰ সংস্কৃতি আৰু আৱেগক আঘাত কৰিছে। গতিকে তামিল ৰাইজে এই ছিৰিজটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে।

তেওঁ কয় যে ছিৰিজটোৱে তামিলসকলৰ বিষয়ে এটা ভুল বাৰ্তা প্ৰচাৰ কৰিছে। তামিলসকলৰ অনুভূতিৰ কথা মনত ৰাখি ভাইকোৱে তেওঁৰ দীঘলীয়া পত্ৰখনত লিখিছিল, 'দ্য ফেমিলি মেন ২'ৰ ট্ৰেইলাৰত তামিলসকলক এজন সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক থকা আইএছআই এজেণ্ট হিচাপে উপস্থাপন কৰা হৈছে। দক্ষিণৰ ছুপাৰষ্টাৰ সামান্থা আক্কিনেনি (Samantha Akkineni) এই নতুন ছিজনৰ জৰিয়তে হিন্দী উদ্যোগত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

তেওঁলোকৰ বিবৃতিত, নিৰ্মাতা নিদিমোৰু (Nidimoru) আৰু ডিকে(DK)ই কৈছিল যে তেওঁলোকে তামিল লোকসকলৰ অনুভূতিক সন্মান কৰে আৰু ট্ৰেইলাৰৰ ওপৰত আধাৰিত কৰি অনুমান কৰিব নালাগে বুলি কয়। “আমি সকলোকে অনুৰোধ কৰো যে অনুষ্ঠানটো মুক্তি পোৱালৈ অপেক্ষা কৰক আৰু চাওক। আমি জানো যে আপুনি এবাৰ ইয়াক চোৱাৰ পিছত আপুনি ইয়াৰ প্ৰশংসা কৰিব," তেওঁলোকে লগতে কয়।

'দ্য ফেমিলি মেন ২' হৈছে এক একচন-ড্ৰামা ছিৰিজ। শ্ৰীকান্ত তিৱাৰী নামৰ এজন মধ্যবিত্ত ব্যক্তিৰ কাহিনী আৰু তেওঁ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা বিশেষ কোষৰ বাবে কাম কৰে। ছিৰিজটোত শ্ৰীকান্তৰ কঠিন জীৱনৰ ছবি দেখুওৱা হৈছে, য'ত তেওঁ তেওঁৰ গোপন, নিম্ন উপাৰ্জন, উচ্চ চাপ, অধিক ৰিস্কৰ চাকৰি আৰু স্বামী আৰু পিতৃ হোৱাৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ সংগ্ৰাম কৰে।



(News link: https://hindi.news18.com/news/entertainment/bollywood-the-family-man-2-series-caught-in-controversy-before-release-3599414.html)
Published by:Manjumoni Borah
First published: