মুম্বাইঃ ছেফ–কৰীণাৰ আৱাগসৃহ ফৰচুন হাইটছৰ বাহিৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে আৰু ছচিয়েল মিডিয়াত ইয়াৰ একাংশ ছবি ভাইৰেল হৈছে। বলিউডৰ চেলিব্ৰিটি ফটোগ্ৰাফাৰ য়ৌগেন শ্বাহে ইয়াৰ কিছু ছবি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰাৰ পিছতে এইসমূহ ভাইৰেল হৈ পৰে। দৰাচলতে এই সমগ্ৰ ব্যৱস্থা ৱেবছিৰিজ ‘তাণ্ডৱ’ক লৈ সৃষ্ট বিতৰ্কৰ কাৰণে ল’বলগীয়া হৈছে।
ছেফ আলী খানে (Saif Ali Khan) অভিনয় কৰা ৱেব ছিৰিজ তাণ্ডৱক লৈ (Tandav) তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছে। ডিম্পল কাপাড়িয়া (Dimple Kapadia), সুনীল গ্ৰভাৰ, গৌহৰ খান (Gauhar Khan) আৰু জিশান আয়ুবৰ দৰে তাৰকাই অভিনয় কৰা তাণ্ডৱ ৰিলিজ দিয়াৰ পিছৰে পৰা বিতৰ্কৰ আওতাত।
এই বিবাদ চিৰিজৰ প্ৰথম এপিছ’ডৰ এটা দৃশ্যৰ পৰা সৃষ্টি হৈছে। এই দৃশ্যত জিশান আয়ুবে ভগৱান শিৱৰ বেশ লৈছে। লগতে ৱেব ছিৰিজখনৰ একাংশ সংলাপক লৈও আপত্তি জাহিৰ কৰা হৈছে আৰু তাণ্ডৱৰ এই সংলাপসমূহক লৈ ধাৰ্মিক অনুভূতি আহত হোৱাৰ কথা কোৱা হৈছে। এই কাৰণতে ৱেৱ ছিৰিজক লৈ যথেষ্ট হাহাকাৰ হৈছে।
কিছুদিন পূৰ্বে বিজেপি বিধায়ক ৰাম কদমে ‘তাণ্ডৱ’ ৱেব ছিৰিজক লৈ আপত্তি প্ৰদৰ্শন কৰিছিল আৰু ছেফ আলী খানৰ বিৰুদ্ধে কঠোৰ টিপ্পণী কৰিছিল। তেওঁ কৈছিল যে ছেফ আলী খানে এনে এক ৱেব ছিৰিজৰ অংশ হৈছে যি হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰে। ‘তাণ্ডৱ’ক লৈ এনে বিবাদৰ মাজতে ছেফ–কৰীণাৰ ঘৰৰ বাহিৰত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।
উল্লেখ্য যে, ছেফ আলী খান বৰ্তমান নিজৰ অন্যান্য প্ৰজেক্টৰ কাৰণে মুম্বাইৰ বাহিৰত আছে। ইয়াৰ মাজতে গৰ্ভৱতী পত্নী অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু পুত্ৰ তাইমুৰ থকা আৱাসগৃহৰ বাহিৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|