Viral Video: নাচি থকাৰ মাজতে টোপনি গ'ল কণমানিজনী! মুহূৰ্তৰ ভিতৰতে ভাইৰেল হ'ল ভিডিও

News18 Assam | News18-Assam
Updated:April 1, 2021, 2:17 PM IST
Viral Video: নাচি থকাৰ মাজতে টোপনি গ'ল কণমানিজনী! মুহূৰ্তৰ ভিতৰতে ভাইৰেল হ'ল ভিডিও
ভিডিওটোত দেখা গৈছে যে, কণমানিজনী নাচি থকাৰ মাজতে টোপনি গৈছে আৰু তাইৰ সংগীয়ে তাইক জগাবলৈ চেষ্টা কৰিছে।

ভিডিওটোত দেখা গৈছে যে, কণমানিজনী নাচি থকাৰ মাজতে টোপনি গৈছে আৰু তাইৰ সংগীয়ে তাইক জগাবলৈ চেষ্টা কৰিছে।

  • Share this:
ইণ্টাৰনেটত ভাইৰেল হৈছে এজনী কণমানি। মঞ্চত নৃত্য কৰি থকাৰ মাজতে টোপনি গুচি গ'ল কণমানিজনী। চীন দেশৰ টেলিভিশ্যনৰ এটি ৰিয়েলিটী শ্বটৰ মাজতে দেখা গ'ল এই আমোদজনক দৃশ্য। মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ভিডিওটো।

ভিডিওটোত দেখা গৈছে যে, কণমানিজনী নাচি থকাৰ মাজতে টোপনি গৈছে আৰু তাইৰ সংগীয়ে তাইক জগাবলৈ চেষ্টা কৰিছে। পূব চীন (Eastern China)ৰ জেজিয়াং প্ৰদেশ (Zhejiang Province)ৰ ৱেনজাউ (Wenzhou) চহৰৰ এই ভিডিওটো শ্বেয়াৰ কৰিছে বিভিন্নজনে।



ভিডিঅ'টো ২৬ মাৰ্চত ইউটিউব (YouTube)ত ছাউথ চাইনা মৰ্ণিং পোষ্টে শ্বেয়াৰ কৰিছিল। আৰু এই মুহূৰ্তলৈকে ৪ লাখতকৈ অধিক ভিউজ আৰু ৫০০ কমেণ্টছ অহা দেখা গৈছে।
ভিডিওটোত লিখা আছিল, "ছোৱালীজনীয়ে লাঞ্চ ব্ৰেকৰ (lunch break)ৰ সময়ত শুবলৈ সময় পোৱা নাছিল আৰু সেয়েহে তাই মঞ্চত শুই যোৱাৰ বাহিৰে আন উপায় নাছিল।
Published by: Himangshu Bhuyan
First published: April 1, 2021, 2:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি