• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • “নমোঃ নমোঃ শংকৰা” গীতত গজৰাজৰ নৃত্য! ছচিয়েল মিডিয়াত মুহূৰ্তৰ ভিতৰতে হ'ল ভাইৰেল, চাওক Video

“নমোঃ নমোঃ শংকৰা” গীতত গজৰাজৰ নৃত্য! ছচিয়েল মিডিয়াত মুহূৰ্তৰ ভিতৰতে হ'ল ভাইৰেল, চাওক Video

ছুপাৰহিট বলীউদৰ গীতত মন প্ৰাণ ঢালি নৃত্য কৰিলে লক্ষ্মী নামৰ দাতাল হাতীটোৱে ৷

ছুপাৰহিট বলীউদৰ গীতত মন প্ৰাণ ঢালি নৃত্য কৰিলে লক্ষ্মী নামৰ দাতাল হাতীটোৱে ৷

ছুপাৰহিট বলীউদৰ গীতত মন প্ৰাণ ঢালি নৃত্য কৰিলে লক্ষ্মী নামৰ দাতাল হাতীটোৱে ৷

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ হাতী! লক্ষ্মী নামৰ হাতীটোৱে বলীউদৰ ছবিৰ গীতত নৃত্য কৰি এতিয়া চমক দিছে সকলোকে। কেৰালা এলিফেন্টছ শীৰ্ষক এটা ইনষ্টাগ্ৰাম পেজত পোষ্ট কৰা হৈছিল হাতীটোৱে নৃত্য কৰা ভিডিও।

হাতীটোৱে  ছাৰা আলী খান আৰু প্ৰয়াত অবিনেতা সুশান্ত সিং ৰাজপুতে অভিনয় কৰা “কেদাৰনাথ” ছবিৰ জনপ্ৰিয় নমো: নমো: শংকৰা গীতটোত জাম্বো নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে। ভিডিওটোত কৰ্ণাটকত অৱস্থিত কোদিয়াকা মন্দিৰৰ লক্ষ্মী নামৰ এই হাতীটোৱে ছুপাৰহিট গানটোৰ সৈতে সংগতি ৰাখি ভৰি, মূৰ, কান্ধ আৰু নেজ জোকাৰি থকা দেখা গৈছে ।




ইতিমধ্যে ইনষ্টাগ্ৰামত ৬ হাজাৰকৈও অধিক লাইক লাভ কৰিছে ভিডিওটোৱে। লক্ষ্মীৰ নৃত্য দেখি এজনে লিখিছে “এই হাতীটোৱে মোতকৈও ভালকৈ নৃত্য কৰে।”আন কোনোৱে আকৌ লিখিছে, "মই দেখা আটাইতকৈ মৰমলগা হাতী” ৷

লক্ষ্যণীয় যে, ভাইৰেল জন্তুৰ ভিডিঅ'বোৰ হৈছে শেহতীয়া ট্ৰেণ্ড। ইণ্টাৰনেট ভৰি আছে ভিন্ন জন্তুৰ মৰমলগা, ধেমেলীয়া ভিডিঅ'বোৰেৰে।
Published by:Himangshu Bhuyan
First published: