কৰীণা কাপুৰ খান(Kareena Kapoor Khan)এ দুই সন্তানক লৈ ঘৰৰ পৰা ওলোৱাৰ সময়তে কেমেৰা দেখি চিঞৰি উঠে টাইমুৰ (Taimur)। জেহ (Jeh) আৰু কৰীণাৰ লগতে টাইমুৰক অনুসৰণ কৰিবলৈ ধৰা পাপাৰাজ্জিৰ কাণ্ডত বৰকৈ অতিষ্ঠ হৈ টাইমুৰে দিলে ধমক।
কৰীণা কাপুৰ খান(Kareena Kapoor Khan)এ দুই সন্তানক লৈ ঘৰৰ পৰা ওলোৱাৰ সময়তে কেমেৰা দেখি চিঞৰি উঠে টাইমুৰ (Taimur)। জেহ (Jeh) আৰু কৰীণাৰ লগতে টাইমুৰক অনুসৰণ কৰিবলৈ ধৰা পাপাৰাজ্জিৰ কাণ্ডত বৰকৈ অতিষ্ঠ হৈ টাইমুৰে দিলে ধমক।
কৰীণা কাপুৰ খান (Kareena Kapoor Khan)। বলীউডৰ অন্যতম জনপ্ৰিয় নায়িকা। কৰীণা অভিনীত প্রায়ভাগ ছবিয়েই ছুপাৰহিট হৈছে। প্রথমখন ছবিৰ পৰাই সকলোৰে প্ৰিয় অভিনেত্ৰী হৈ পৰে কৰীণা। এই বছৰেই দ্বিতীয় সন্তানৰ জন্ম দিছে কৰীণা কাপুৰ খানে। কৰীণা আৰু ছইফ আলী খানৰ (saif ali khan) সংসাৰত ইতিমধ্যে আছিল টাইমুৰ। তাৰ পিছতেই আহিল কণমানি জেহ বা জাহাংগীৰ। জেহৰ জন্মৰ পিছত কেইবামাহো লোক চক্ষুৰ পৰা আঁতৰাই ৰাখিছিল কৰীণাই।
তাৰ এটা কাৰণ আছিল পাপাৰাজ্জিৰ কেমেৰা। টাইমুৰ জন্মৰ পিছৰে পৰা পাপাৰাজ্জিয়ে একপ্ৰকাৰ অতিষ্ঠ কৰি তোলে কৰীণাৰ জীৱন। য'তেই কৰীণাৰ গমন হয় তাতেই হাজিৰ হয় কেমেৰা। টাইমুৰৰ নামক লৈও বিতৰ্ক হোৱাত কেমেৰাৰ প্ৰকোপ বাঢ়ি যায়। সৰুৰে পৰা এই কেমেৰাৰ কাৰবাৰটো দেখিয়ে ছাগৈ কেমেৰা দেখিলে খঙাল হৈ পৰে কণমানি টাইমুৰ। তেনে এক পৰিবেশেই শনিবাৰে দেখা যায় কৰীণাৰ ঘৰৰ সন্মুখত।
কৰীণাই দুই সন্তানক লৈ ঘৰৰ পৰা ওলোৱাৰ সময়তে কেমেৰা দেখি চিঞৰি উঠে টাইমুৰ। জেহ আৰু কৰীণাৰ লগতে টাইমুৰক অনুসৰণ কৰিবলৈ ধৰে পাপাৰাজ্জিয়ে। তেনে সময়তে প্ৰচণ্ড খঙত চিঞৰ-বাখৰ কৰিবলৈ ধৰে টাইমুৰে। কৰীণাই সাংবাদিকৰ মাতলৈ কেৰেপ নকৰিলে। কিন্তু পাপাৰাজ্জিৰ কাণ্ডত বৰকৈ অতিষ্ঠ হৈ টাইমুৰে দিলে ধমক।
তাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল (viral video) পৰিছে এই ভিডিঅ'।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|