Bollywoodৰ তাৰকাসকলে তেওঁলোকৰ শৈশৱৰ ফটো দিনে দিনে সামাজিক মাধ্যমত(Social Media) শ্বেয়াৰ কৰি থাকে। বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনো (Deepika Padukone) এইসকলৰ মাজৰ এগৰাকী যিয়ে প্ৰায় তেওঁৰ ইনষ্টাগ্ৰাম(Instagram) একাউণ্টত তেওঁৰ শৈশৱৰ স্মৃতি ঘূৰাই আনে। দীপিকাই আকৌ এবাৰ তেওঁৰ ইনষ্টাত এটা ভিডিঅ'(Video) শ্বেয়াৰ কৰিছে য'ত শৈশৱৰ কেইবাখনো ফটো দেখুওৱা হৈছে।
দীপিকাই শ্বেয়াৰ কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল(Viral) হৈ পৰিছে। দীপিকাৰ ভিডিঅ'টো তেওঁৰ অনুৰাগীসকলে অত্যন্ত ভাল পাইছে। কিছু সময় আগতে শ্বেয়াৰ কৰা ভিডিঅ'টোৱে এতিয়ালৈকে লাখ লাখ লাইক লাভ কৰিছে
দীপিকা পাডুকনক সোনকালেই দক্ষিণৰ চুপাৰষ্টাৰ অভিনেতা প্ৰভাস (Prabhas) আৰু অমিতাভ বচ্চন (Amitabh bachchan)ৰ সৈতে দেখা যাব। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণো আৰম্ভ হৈছে আৰু প্ৰভাসে নিজেই তেওঁৰ পোষ্টৰ জৰিয়তে প্ৰতিবেদন দিছিল। ছবিখনৰ নাম এই মুহূৰ্তত মুকলি কৰা হোৱা নাই। এইটো পৰিচালক নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত আৰু বৈজয়ন্তী চলচ্চিত্ৰৰ দ্বাৰা প্ৰযোজিত হৈছে। অমিতাভ আৰু প্ৰভাসৰ চলচ্চিত্ৰখনৰ বাবে ৰামোজী ফিল্ম চিটিত(RFC) এটা বিশাল ছেট নিৰ্মাণ কৰা হৈছে। এইটো বৰ্তমানৰ আটাইতকৈ ব্যয়বহুল প্ৰকল্প বুলি কোৱা হয়।
দীপিকা বৰ্তমান 'পাঠান' বোলছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। ইয়াৰ উপৰিও দীপিকা আৰু বহুতো আকৰ্ষণীয় চলচ্চিত্ৰৰ অংশ, তেওঁক 'মহাভাৰত', '৮৩' আৰু 'ফাইটাৰ'ত দেখা যাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|