আকৌ চৰ্চালৈ স্বপ্না চৌধুৰী, এইবাৰ এগৰাকী শিশুৰ সৈতে কৰিলে নৃত্য!

স্বপ্না চৌধুৰীৰ নৃত্য বুলিলেই এতিয়া ছচিয়েল মিডিয়াত সৃষ্টি হয় ধুমুহা। এটি হাৰিয়ানী গীতত এইবাৰ এটি শিশুৰ সৈতে নৃত্য কৰিলে স্বপ্না চৌধুৰীয়ে।

news18assam
Updated:May 30, 2019, 12:12 PM IST
আকৌ চৰ্চালৈ স্বপ্না চৌধুৰী, এইবাৰ এগৰাকী শিশুৰ সৈতে কৰিলে নৃত্য!
স্বপ্না চৌধুৰীৰ নৃত্য বুলিলেই এতিয়া ছচিয়েল মিডিয়াত সৃষ্টি হয় ধুমুহা। এটি হাৰিয়ানী গীতত এইবাৰ এটি শিশুৰ সৈতে নৃত্য কৰিলে স্বপ্না চৌধুৰীয়ে।
news18assam
Updated: May 30, 2019, 12:12 PM IST
ইণ্টাৰনেটত এতিয়া এক অন্যতম চৰ্চিত নাম স্বপ্না চৌধুৰী। ইতিমধ্যে স্বপ্নাই নৃত্য কৰা বহুকেইটা গীতৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এইবাৰ হাৰিয়ানী গীতত এটা শিশুৰ সৈতে নৃত্য কৰি ছচিয়েল মিডিয়াত খলকনি তুলিছে স্বপ্নাই। অনুষ্ঠানটোত স্বপ্নাই নৃত্য কৰাৰ আগতেই নৃত্য কৰি আছিল  শিশুটোৱে। শিশুটোৰ নৃত্যৰ পাৰদৰ্শিতা দেখি আচৰিত হৈ যায় স্বপ্না চৌধুৰীও। পিছত শিশুটোৱে স্বপ্নাৰ লগত নৃত্য কৰিবলৈ আশা প্ৰকাশ কৰাত শিশুটোক নিৰাশ নকৰিলে স্বপ্না চৌধুৰীয়ে।

দেখা যায় যে স্বপ্নাই সদায় চেলুৱাৰ পিন্ধি নৃত্য কৰে। এই বিষয়ে স্বপ্নাক যেতিয়াই প্ৰশ্ন কৰা হৈছে তেতিয়াই স্বপ্নাই দিয়া উত্তৰে আকৰ্ষণ কৰিছে সকলোকে। ইতিমধ্যে নিজৰ নৃত্যই বিগবছৰ পৰা বলিউডলৈকে সকলোকে আকৰ্ষণ কৰিছে স্বপ্না চৌধুৰীয়ে।



আৰু চাওক পৰৱৰ্তী বাতৰি