TikTok চেলেঞ্জ দি পুনৰ বিতৰ্কত অভিনেত্ৰী দীপিকা পাডুকণ, কি কৰিলে দীপিকাই? চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 21, 2020, 10:57 AM IST
TikTok চেলেঞ্জ দি পুনৰ বিতৰ্কত অভিনেত্ৰী দীপিকা পাডুকণ, কি কৰিলে দীপিকাই? চাওক VIDEO
Photo : The Pioneer

এচিড আক্ৰমণৰ বলি হোৱা লোকক লৈ দীপিকাৰ এই টিকটক চেলেঞ্জক এতিয়া ছচিয়েল মিডিয়াত তীব্ৰ কৰা হৈছে।

  • Share this:
বলীউদৰ অভিনেত্ৰী দীপিকা পাডুকণে ‘টিকটক ইনফ্লুৱেঞ্চাৰ’ক নিজৰ ছবি ‘ছাপাক’ৰ লুকক লৈ প্ৰত্যাহ্বান জনাই পুনৰ সোমাই পৰিছে বিতৰ্কত। ছচিয়েল মিডিয়াত বিভিন্নজনে সমালোচনাৰে থকা–সৰকা কৰিছে অভিনেত্ৰীগৰাকীক। দীপিকাৰ এই টিকটক চেলেঞ্জক বহুতে ‘সংবেদনহীন’, ‘মূৰ্খতাপূৰ্ণ’ আৰু প্ৰচাৰৰ আটাইতকৈ বেয়া পদ্ধতি আখ্যা দিছে।

ছচিয়েল মিডিয়াত শনিবাৰে ভাইৰেল হোৱা ৩৯ ছেকেণ্ডৰ এটা ভিডিঅ’ত দীপিকাই মেকআপ আৰ্টিষ্ট ফেবীক তেওঁৰ ছবিৰ তিনিটা পছন্দৰ লুক ৰিক্ৰিয়েট কৰিবলৈ প্ৰত্যাহ্বান জনায়।

ভিডিঅ’ত ফেবীক দীপিকাৰ প্ৰথম ছবি ‘ওম শান্তি ওম’ আৰু ‘পিকু’ৰ লুক কৰা দেখা গৈছে। কিন্তু দীপিকাৰ ছবি ‘ছাপাক’ৰ এচিড আক্ৰমণৰ বলি হোৱা লুক প্ৰস্তুত কৰাৰ ফেবীৰ এই চেষ্টাক ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰা হৈছে।




বহু লোকে দীপিকাৰ বিৰুদ্ধে এগৰাকী এচিড আক্ৰমণৰ বলি হোৱা যুৱতীৰ যন্ত্ৰণাক কেৱল ছবিৰ ‘লুক’ৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে এই ছবিখন কৰাৰ আঁৰৰ উদ্দেশ্যক লৈও প্ৰশ্ন তুলিছে বিভিন্নজনে। এচিড আক্ৰমণৰ বলি হোৱা লোকক লৈ দীপিকাৰ এই টিকটক চেলেঞ্জক এতিয়া ছচিয়েল মিডিয়াত তীব্ৰ কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি