সাগৰৰ পাৰত অভিনেত্ৰী ভূমি পাডনেকাৰে কৰিছে কি? চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 2, 2020, 9:27 AM IST
সাগৰৰ পাৰত অভিনেত্ৰী ভূমি পাডনেকাৰে কৰিছে কি? চাওক VIDEO
Photo : Instagram

সাগৰৰ পাৰত গা ধুই থকা ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
বছৰৰ প্ৰথমটো দিনতে সমুদ্ৰ তীৰত দেখা গ’ল বলীউদৰ অভিনেত্ৰী ভূমি পাডনেকাৰক। সাগৰৰ পাৰত গা ধুই থকা ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। লগতে নিজৰ জীৱনত বিগত দশকৰ কথাও উল্লেখ কৰে ভূমিয়ে। প্ৰথমবাৰলৈ ভূমিয়ে শ্বেয়াৰ কৰিছে সমুদ্ৰ তীৰৰ ফটো।

সমুদ্ৰ তীৰৰ ভিডিঅ’ শ্বেয়াৰ কৰি ভূমিয়ে লিখিছে – ‘বিগত দশটোত মই বহু সুন্দৰ মুহূৰ্ত লাভ কৰিছো। আচলতে এয়াই জীৱন। এই দশকটোৱে মোক জীৱনৰ বাবে পাঠ দিলে, মোক শক্তি কৰি তুলিলে। অৱশ্যে এই দশকটোত মই কেইবাজনো লোকক হেৰুৱাইছো, যিসকলৰ ঠাই কেতিয়াও পূৰণ নহয়। কিন্তু এই দশকটোৱে মোক মোৰ সপোন পূৰণ কৰাৰ সুযোগ দিলে।’

ভূমিয়ে আগলৈ লিছিছে – ‘এই দশকটোৱে মোক মোৰ জীৱনত ইমান মৰমৰ মানুহ দিলে যে মই বুজাব নোৱাৰো। ইয়াৰ বাবে মই শব্দৰে ধন্যবাদ দিব নোৱাৰো। এই মুহূৰ্তত সকলো ফালৰ পৰা মই মোৰ সপোন পূৰণ কৰি আছো। মই অতি আনন্দিত আৰু স্বাস্থ্যবান অনুভৱ কৰিছো।’

চাওক ভিডিঅ’ :



 





View this post on Instagram




 

Cause life is all about beautiful moments and the last decade gave me so many. It gave me life experiences that have made me stronger. It took away a lot of people I love and that vacuum can never be filled :) But it also gave me an opportunity to chase my dream and it gave me all of you,my family that keeps showering me with such love. It gave me people that have been nothing less than angels in my life and I can’t thank you enough for supporting and loving me like your own. Am living my dream in every way possible. Am full of gratitude and feel blessed to have my loved ones happy and healthy. The next decade is only going to be better. To a better world and a happier you 😘 #2019 #2020 #gratitude #happynewyear #happy2020


A post shared by Bhumi✨ (@bhumipednekar) on






এই ভিডিঅ’ৰ পিছত ভূমিয়ে সমুদ্ৰ তীৰৰ এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনৰ সৈতে অভিনেত্ৰীগৰাকীয়ে লিখিছে – ‘পৰৱৰ্তী দশকৰ বাবে মোৰ ‘মুড’। এগৰাকী সুখী ছোৱালী।’
আৰু চাওক
পৰৱৰ্তী বাতৰি